গুৱাহাটীত খগেন্দ্ৰ নাথ বৰা আৰু অজন্তা শৰ্মা পূজাৰীৰ গ্ৰন্থ উন্মোচন

গুৱাহাটীত খগেন্দ্ৰ নাথ বৰা আৰু অজন্তা শৰ্মা পূজাৰীৰ গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,গুৱাহাটী : শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষত "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত ওদালগুৰি জিলাৰ টংলাৰ কবি খগেন্দ্ৰ নাথ বৰাৰ কবিতা সংকলন "নদী" আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ লেখিকা অজন্তা শৰ্মা পূজাৰীৰ আত্মজীৱনীমূলক গ্ৰন্থ "জীৱন বীণা মোৰ নিৰলে বাজে" শুভ উন্মোচন কৰা হয়। মেঘালয়ৰ শ্বিলঙস্থিত ছেন্ট এন্থনিজ মহাবিদ্যালয়ৰ সংগীত বিভাগৰ সহযোগী অধ্যাপিকা ড০ কান্তা কাবেৰী দাসৰ সৰস্বতী বন্দনাৰে গ্ৰন্থ উন্মোচনী সভাখনি শুভাৰম্ভ কৰা হয়।

সভাখন উদ্ধোধন কৰি বিশিষ্ট সাহিত্যিক, ভাষাবিদ, অভিধান প্ৰণেতা ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয় - "কবিতাৰ বিষয়ে মন্তব্য দিয়া বৰ টান । কবিসকলে গভীৰ অধ্যয়ন কৰিব লাগে । অভিধান চাব লাগে । শব্দৰ লগত শব্দৰ স'তে খেল খেলিব লাগে । জগতত নিজৰ নাম ৰাখিব হ'লে কবিতা, সাহিত্য, শিল্পৰ স'তে নিকট সম্বন্ধ ৰাখিব লাগিব ।

কবিতাৰ ভাষা পোনপটীয়া হ'ব লাগে । মানুহৰ হৃদয়ত চিন্তন,ৰসাস্বাদন উথলি উঠাকৈ সাহিত্য সৃষ্টি কৰিব লাগে। যি সাহিত্যিকে সমাজৰ-দেশৰ সংকটত পোন হৈ থিয় দিয়ে তেওঁলোক যুগে-যুগে থাকে।"

প্ৰকাশনৰ সচিব,সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা সভাত কবি খগেন্দ্ৰ নাথ বৰাৰ কবিতা সংকলন "নদী" উন্মোচন কৰে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল তথা বিশিষ্ট চিন্তাবিদ জ্যোতি প্ৰসাদ ৰাজখোৱাই। তেঁও কয়- "মানুহৰ অন্তৰ চুব পৰা সাহিত্যৰ ভিন-ভিন ক্ষেত্ৰত বিচৰণ কৰিব লাগে । সাহিত্যসমূহ সমাজৰ সাধাৰণ মানুহৰ বুজাকৈ হ'ব লাগে ।"

লেখিকা অজন্তা শৰ্মা পূজাৰীৰ আত্মজীৱনীমূলক গ্ৰন্থ "জীৱন বীণা মোৰ নিৰলে বাজে" উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য তথা খ্যাতনামা বিজ্ঞানী, শিক্ষাবিদ ড০ কুলেন্দু পাঠকে। তেঁও কয়- "অসমীয়া জাতিটো আধুনিক হ'ব খুজিও পুৰা-পুৰি আধুনিক হ'ব পৰা নাই । দেশৰ সংস্কৃত পণ্ডিতবোৰৰ ভিতৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ অন্যতম আছিল ।

সংস্কৃত ভাষাত লিখিলে তেওঁ বিশ্ববিশ্ৰুত হ'ব পাৰিলেহেঁতেন । অসমীয়াই সংস্কৃতিবান জাতি হিচাবে বাচি থাকিব হ'লে প্ৰচুৰ অধ্যয়ন, অধ্যাৱসায়, সংস্কৃতিৰ স্বকীয়তা বজাই ৰখা ব্যক্তিত্বৰ হ'ব লাগিব ।" অনুষ্ঠানৰ প্ৰধান অতিথি "নিয়মীয়া বাৰ্তা" ৰ সম্পাদক নৰেশ কলিতাই কয়- "বৰ্তমান অসমীয়া ভাষা-সাহিত্যৰ বৰ শুভ লক্ষণ । দ্ৰুত হাৰত গ্ৰন্থ প্ৰণয়ন হৈছে । কিন্তু গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে । অসমত বৰ্তমান ৩০ বছৰৰ তলত ৭.৪৪ শতাংশ লোকেহে বাতৰি কাকত, আলোচনী, কিতাপ পঢ়ে । ই এক ভয়ানক চিন্তাৰ বিষয় ।জাতি, ভাষা, সুৰক্ষিত হ'ব লাগিলে লেখকসকলে অইন লেখকৰ কিতাপ পঢ়িব লাগিব । পৃথিৱীৰ অন্যান্য ভাষাতকৈ অসমীয়া ভাষা অনেক গুণে চহকী ।"

সভাত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব অঞ্জন শৰ্মাই অংশ লয়। লগতে হিমাংশু বণিয়াৰ বাঁহী বাদন আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ দ্বৈত ভাষাত ভূপেন্দ্ৰ সংগীত পৰিবেশনেৰে সভাৰ সৌষ্ঠৱ প্ৰাণবন্ত কৰি তোলে ।

সভাত আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰী, পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক ড০ ৰোমান শৰ্মা, গোৱালপাৰা জিলা সাহিত্য সভাৰ উপ-সভাপতি ড০ এম্ গোপাল সিংহ, অনাতাঁৰ কেন্দ্ৰ, গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক অৱনী ৰঞ্জন পাঠক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা কবি-সাহিত্যিক শচীন দাস, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মলিনা দেৱী ৰাভা, ব্ৰহ্মপুত্ৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কিশোৰ কুমাৰ জৈন, লেখিকা ৰমিছা বেগম, বঙাইগাঁওৰ লেখিকা গীতা দেৱী, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতীয়ে সভাত অংশ লয়।

গুৱাহাটীত খগেন্দ্ৰ নাথ বৰা আৰু অজন্তা শৰ্মা পূজাৰীৰ গ্ৰন্থ উন্মোচন
প্ৰথমে দুৰ্ঘটনা তাৰ পাছত বিস্ফোৰণ : ক'ত কেনেকৈ সংঘটিত হ'ল এই ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in