/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c45c2b17-9cb5-4e5c-97ad-7587487a4beb/golaghat.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, বিগত শুক্ৰবাৰৰ পৰা ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছিল 'মোকা' ধুমুহাই । যি ধুমুহাৰ বেগ ৰবিবাৰে ১৭৫ কিলোমিটাৰ প্ৰতি ঘন্টা পৰ্যন্ত হ'ব বুলিও আশংকা কৰিছিল বতৰ বিজ্ঞান কেন্দ্ৰই । কেৱল এয়াই নহয় বৰং পশ্চিম বংগৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰ আৰু দক্ষিণ অসমতো ইয়াৰ প্ৰভাৱ পৰাৰ আশংকা ঘনীভূত হোৱাৰ সময়তেই কিন্তু তীব্ৰ খৰাঙে জোকাৰি গৈছে গোলাঘাট জিলাক ।
এতিয়া তীব্ৰ খৰাঙৰ কবলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল। বহাগ বিহুৰ পাছতে কৃষক সকলে শালি খেতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল যদিও বৰষুণৰ অভাৱত এতিয়া পথাৰত চিৰাল ফাঁট মেলিছে ৷ চ’তৰ শেষত মুষলধাৰে বৰষুণ হৈছিল যদিও তৃষ্ণাতুৰ ধৰিত্ৰীয়ে সকলো শুহি ল'লে ৷ বহাগহৰ ন-পানী পাই কৃষকসকলে উৎসাহত পথাৰত হালখন জুৰিছিল ৷ মাটিও চাহ হৈছিল ৷ কিন্ত লেথাৰিকৈ বহুদিন প্ৰয়োজনীয় বৰষুণ নোহোৱাত এতিয়া উদং পথাৰত শুকান মাটি চপৰা জিলিকি পৰিছে ৷ পথাৰত মেলিছে বৃহৎ বৃহৎ ফাট। কৃষক সকলে এতিয়া এজাক বৰষুণৰ বাবে আকাশলৈ চাই মাথো হুমুনিয়া কাঢ়িব লগীয়া হৈছে। উল্লেখযোগ্য যে কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ খনে কৃষি পথাৰত জলসিঞ্চনৰো ব্যৱস্থা কৰাত ব্যৰ্থ হৈছে।
Also Read: নেপালৰ পৰা বিয়া খাবলৈ আহি শদিয়াত পথ দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰে তিনিজন