প্ৰাক নিৰ্বাচনী হিংসাঃ মন জিলাৰ টিজিত এনপিএফৰ প্ৰাৰ্থীৰ বাহন জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে

প্ৰাক নিৰ্বাচনী হিংসাঃ মন জিলাৰ টিজিত এনপিএফৰ প্ৰাৰ্থীৰ বাহন জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে

ডিজিটেল সংবাদ, বেকাজানঃ প্ৰাক নিৰ্বাচনী হিংসাত্মক ঘটনাত উত্তপ্ত হৈ পৰিছে নাগালেণ্ডৰ মন জিলাৰ টিজিত সমষ্টি । অচিনাক্ত দুষ্কৃতিকাৰীয়ে টিজিট সমষ্টিৰ এন পি এফৰ প্ৰাৰ্থীৰ এখন বাহন জ্বলাই দিয়াৰ বিপৰীতে দুজন ব্যক্তিকো অপহৰণ কৰাৰ খবৰ পোৱা গৈছে।

মঙলবাৰে এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে, এজনক অপহৰণকাৰীয়ে মুকলি কৰি দিয়াৰ বিপৰীতে আনজনক উদ্ধাৰৰ বাবে অভিযান চলি আছে। মন জিলাৰ আৰক্ষী অধীক্ষক টি ইউনিয়েল কিচুৱে প্ৰকাশ কৰামতে,ব্যক্তি দুজন দলৰ সদস্য নহয় যদিও এনপিএফৰ প্ৰাৰ্থীৰ বাসগৃহত থাকে ।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। শীঘ্ৰে কিছু লোকক গ্ৰেপ্তাৰ কৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ইফালে নিৰ্বাচন সময়ত এনে হিংসাত্মক ঘটনাক কন্যাক চি এছ অ’ই গৰিহণা দিয়ে। এন পি এফৰ প্ৰাৰ্থী টাহৱাং আংৰ এখন বলেৰ’ বাহন জ্বলাই দিয়াৰ ঘটনাক গৰিহণা দিছে কন্যাক ইউনিয়ন,কন্যাক নিউপুহ শ্বেকো খং আৰু কনিয়াক ষ্টুডেণ্টছ ইউনিয়নে। এক যৌথ বিবৃতিত কে ইউৰ সভাপতি টিংথক কন্যাক, কে এন এছ কেৰ সভাপতি পংগলেম কনিয়াক আৰু কে এছ ইউৰ সভাপতি টি নোক্লেম কনিয়াকে আইন প্ৰয়োগকাৰী সংস্থাসমূহক ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি এই কাণ্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in