জোনমণি ৰাভাৰ বাহন খুন্দিওৱা ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ....

জোনমণি ৰাভাৰ বাহন খুন্দিওৱা ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ....

author-image
Asomiya Pratidin
New Update
জোনমণি ৰাভাৰ বাহন খুন্দিওৱা ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ....

জোনমণি ৰাভাৰ বাহন খুন্দিওৱা ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ....

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বাহনখনক খুন্দিওৱা ট্ৰাকখনৰ চালকে। জানিব পৰা মতে উত্তৰ প্ৰদেশৰ ট্ৰাক চালক সুমিত কুমাৰ পালক আত্মসমৰ্পণৰ পাছতে গ্ৰেপ্তাৰ কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

Advertisment

ট্ৰাক চালকগৰাকীক গ্ৰেপ্তাৰে এতিয়া বহু কথাই মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। জোনমণি ৰাভাৰ এই দুৰ্ঘটনাক লৈ বহু ৰহস্যৰ সৃষ্টি হোৱাৰ লগতে কেইবাটাও অভিযোগ উত্থাপন হৈছে।

আনহাতে জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফলো প্ৰকাশ পাইছে। জানিব পৰা মতে জোনমণি ৰাভাৰ মৃত্যু কোনো সাধাৰণ দুৰ্ঘটনা নাছিল। অৱশ্যে এই সন্দৰ্ভত আমাৰ হাতত এই পৰ্যন্তও সবিশেষ তথ্য আহি পৰা নাই।

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ গোচৰ চি আই ডিৰ পৰা চি বি আইলৈকো হস্তান্তৰ কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰিছে। তেওঁ কয়, চি আই ডিয়ে তদন্ত আগবঢ়াই নিছে। এই ঘটনাৰ সৈতে বিভিন্ন দিশ জড়িত হৈ আছে।

ইয়াৰোপৰি তেওঁ কয়, বহুত বেছি আলোচনাই মৃতকক আমি সন্মান দিব লাগে, সেই সন্মানৰ পৰিৱৰ্তে মৃতকক লৈ বহু প্ৰশ্নহে উত্থাপন হৈছে। এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ জোনমণি ৰাভা বৰ্তমান জীৱিত অৱস্থাত নাই।

তেওঁ কয়, অভিযোগ থাকিব কিন্তু অভিযোগৰ তেওঁ উত্তৰ দিব নোৱাৰিব। এজন মৃত মানুহৰ বিড়ম্বনা থাকে। গতিকে মই ভাবো যে, এগৰাকী মৃত ব্যক্তিক লৈ আমি এটাই আশা কৰিব লাগে তেখেতৰ আত্মাই সদগতি লাভ কৰক আৰু তদন্ত নিৰপেক্ষ হওক।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যদি পৰিয়ালে ভাবে চি আই ডিৰ তদন্তত তেওঁলোক সন্তুষ্ট নহয় তেন্তে চি বি আইলৈকো এই তদন্ত প্ৰক্ৰিয়া হস্তান্তৰ কৰিবলৈ সাজু আছো। কিন্তু মাতৃগৰাকীলৈ অনুৰোধ, অসম আৰক্ষীয়ে বা চি আই ডিয়েও নিৰপেক্ষ ভাৱে তদন্ত কৰিব। জোনমণি ৰাভাও অসম আৰক্ষীৰে বিষয়া আছিল।

গোটেই ঘটনাটোৰ লগত বহু দিশ জড়িত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰি কয়, কিছু কথা মোকো কোৱা হৈছে। সেয়ে এই ঘটনা সন্দৰ্ভত বহু মন্তব্য দিয়াৰ পৰা বিৰত আছো। কাৰণ অভিযোগ প্ৰতি অভিযোগৰ উত্তৰ দিবলৈ মৃত ব্যক্তিগৰাকী আমাৰ মাজত নাই।

Also Read: প্ৰাক্তন আছু নেতা জিন্টু বৰুৱাৰ ৰে'লৰ খুন্দাত মৃত্যু...

জোনমণি ৰাভা অসম আৰক্ষী