/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8127627c-67dd-411d-87f4-5e754d1d0518/HAORAGHAT_18.jpg)
প্ৰাক্তন আছু নেতা জিন্টু বৰুৱাৰ ৰে'লৰ খুন্দাত মৃত্যু...
ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট আঞ্চলিক ছাত্ৰ (আছু) সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক জিন্টু বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু। আজি দিনৰ প্ৰায় ১ বজাত তিনিচুকীয়াৰ তেওঁৰ নিজৰ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাতে ৰে'লৰ খুন্দাত মৃত্যুবৰণ কৰে প্ৰাক্তন ছাত্ৰ নেতাজনে।
ছাত্ৰ নেতাজনৰ অকাল মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ হাওৰাঘাট অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে। এজন প্ৰাক্তন ছাত্ৰ নেতা তথা মৰমৰ সতীৰ্থক চিৰদিনৰ বাবে এনেদৰে হেৰুৱাই অতিকৈ মৰ্মাহত তেওঁৰ বহু সতীৰ্থ ।
তেওঁৰ মৃত্যু সহজে মানি ল'ব পৰা নাই তেওঁৰ বহু সতীৰ্থই । তেওঁৰ অকাল মৃত্যুত আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে হাওৰাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুভাষ বৰাই ।
Also Read: পুনৰ আটক ভিক্টৰ দাসক....