সাহিত্যিক-গৱেষক ড০ চৈয়দ আব্দুল আজিমৰ দেহাৱসান

প্ৰজ্ঞাৰ সাধনাৰে জীৱন প্ৰোজ্জ্বল কৰি সমাজ,শিক্ষা,সাহিত্যৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াই ইহসংসাৰ ত্যাগ কৰি পৰলোকলৈ গমন কৰিলে ৰ ড০ চৈয়দ আব্দুল আজিমে।
সাহিত্যিক-গৱেষক ড০ চৈয়দ আব্দুল আজিমৰ দেহাৱসান

ডিজিটেল সংবাদ,কৃষ্ণাই: বিশিষ্ট গৱেষক, কবি, নাট্যকাৰ, লেখক, ,গীতিকাৰ ড০ চৈয়দ আব্দুল আজিম আৰু নাই। প্ৰজ্ঞাৰ সাধনাৰে জীৱন প্ৰোজ্জ্বল কৰি সমাজ,শিক্ষা,সাহিত্যৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াই ইহসংসাৰ ত্যাগ কৰি পৰলোকলৈ গমন কৰিলে ৰ ড০ চৈয়দ আব্দুল আজিমে।

৬৬ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে ড০ আজিমে।কেইবাবছৰ ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল আজিম।তেওঁৰ মৃত্যুৰ বতৰাই কৃষ্ণাইকে ধৰি সমগ্ৰ জিলাবাসীয়ে শোকাকুল হৈ পৰা পৰিলক্ষিত হয়।

দেওবাৰে সন্ধিয়া ৭.৩০ বজাত চৈয়দ আব্দুল আজিমৰ নশ্বৰ দেহ কৃষ্ণাইৰ চাৰিআলিৰ কলেজ ৰোডত থকা বাসগৃহলৈ নিয়া হয়। নিশাটো ঘৰতে নশ্বৰ দেহ ৰখাৰ পিছত সোমবাৰে পুৱা ১০ বজাত চাৰিআলিৰ ৰাজহুৱা কবৰস্থানত সম্পন্ন কৰা হয় শেষকৃত।

ভালেসংখ্যক শুভাকাংক্ষী, গুণমুগ্ধ, শিক্ষাৰ্থী, সহকৰ্মীয়ে আৰীমাৰাৰ বাসগৃহলৈ গৈ নিশাৰ ভাগত তেওঁক জ্ঞাপন কৰে শেষ শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ পৰা আৰম্ভ হোৱা সুদীৰ্ঘ জীৱন পৰক্ৰমাত ড০ আজিমে কবিতা, নাটক, গীত, লোক-সংস্কৃতিৰ গৱেষণাৰে চহকী কৰি থৈ গ’ল অসমীয়া সাহিত্যৰ ভঁৰাল।সোঁৱৰণী অনুসৰি ১৯৫৬ চনত শিৱসাগৰ জিলাৰ নাজিৰাৰ উপকণ্ঠীয়া অঞ্চলৰ বৰতলা নামৰ ঠাইৰ ৰেৱতী গাঁৱত কৃষ্ণাই হাব্ৰাঘট মহাবিদ্যলয়ৰ অৱসৰপ্ৰাপ্ত ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ চৈয়দ আব্দুল আজিমৰ জন্ম হৈছিল।

বৰতলা মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।ইয়াৰ পিছত একাদিক্ৰমে নাজিৰা বৰতলা এম.ই স্কুল, নাজিৰা বৰতলা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ক্ৰমে গড়গাঁও মহাবিদ্যালয়ত ইতিহাস বিষয়ত সন্মানসহ কৃতকাৰ্যতা লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত একে বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।প্ৰথমে গেলেকী মহাবিদ্যালয় শিক্ষকতাৰ জীৱন আৰম্ভ কৰে।

পিচত ১৯৮১ চনত কৃষ্ণাইৰ হাব্ৰাঘাট মহাবিদ্যালয়ত যোগদান কৰি ২০১৬ চনত ইতিহাস বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে।১৯৯৬-৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত লোক-সংস্কৃতি গৱেষণা বিভাগত অধ্যয়ন কৰি ‘ফ’ক এলিমানটচ ইন দা কথা গুৰু চৰিত’ শীৰ্ষক এম. ফিল ডিগ্ৰী লাভ কৰে।২০০২ চনত ‘পোষ্ট গ্ৰেজুয়েট কৰচপনডেন্স’ স্কুলৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি সুকুমাৰ কলা শাখাৰ অন্তৰ্গত লোক-সংস্কৃতি গৱেষণা বিভাগৰ ড০ প্ৰৱীণ দাসৰ অধীনত ‘অসমীয়া জিকিৰ আৰু জাৰী গীতঃএটি লোক-সংস্কৃতিক অধ্যয়ন’ বিষয়ত গৱেষণা কৰি ২০১৭ চনত পি এইচ ডি লাভ কৰে।

আজিমৰ ‘গীতৰ শৰাই’ নামৰ এখন গীতৰ পুথি আৰু ‘মই আদমে কৈছো’ নামৰ এখন কবিতাৰ পুথি প্ৰকাশ পাইছে।তেওঁৰ দুখন নাট ক্ৰমে ‘শ্বহীদ কাৰবলা’ আৰু ‘জীৱন্ত চিৰাজ’ নামৰ নাট দুখনে ভ্ৰাম্যমান থিয়েটাৰত ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।ড০ আজিমে ২০১৯ চনত কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

তেওঁৰ মৃত্যুত জিলাখনৰ বিভিন্ন দল- সংগঠণে শোক প্ৰকাশ কৰিছে।তেওঁ কৃষ্ণাই প্ৰেছ ক্লাবৰো এগৰাকী সন্মানীয় সদস্য আছিল।ক্লাবে তেওঁৰ মৃত্যুত জিলাখনৰ বৌদ্ধিক জীৱন ক্ষতিগ্ৰস্ত কৰিলে বুলি সত প্ৰকাশ কৰাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে।

আৰু পঢ়ক: পুনৰ মুকলি কৰা হ'ল লালু প্ৰসাদ যাদৱৰ ফাইল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in