পুনৰ মুকলি কৰা হ'ল লালু প্ৰসাদ যাদৱৰ ফাইল...

পুনৰ মুকলি কৰা হ'ল লালু প্ৰসাদ যাদৱৰ ফাইল...

ডিজিটেল ডেস্ক : বিহাৰত পুনৰ প্ৰত্যক্ষ হ'ব অস্থিৰ ৰাজনৈতিক অৱস্থা । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই পুনৰ মুকলি কৰিছে বিহাৰৰ প্ৰখ্যাত প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ কেলেংকাৰীৰ ফাইল । বিহাৰত জনতা দল(সংযুক্ত)ৰ সৈতে লালু প্ৰসাদৰ দল ৰাষ্ট্ৰীয় জনতা দলে চৰকাৰ গঠন কৰাৰ কিছু মাহ পাছতেই লোৱা এই সিদ্ধান্তই নিশ্চয়কৈ ৰাজ্যখনৰ ৰাজনৈতিক অৱস্থাত অস্থিৰতা লৈ আহিব বুলি আশংকা কৰিছে ৰাজনৈতিক বিশেষজ্ঞ সকলে ।

ইউ পি এ চৰকাৰৰ সময়ছোৱাত লালু প্ৰসাদ যাদৱে ৰেলৱে' বিভাগত সংঘটিত কৰা এক বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছিল ২০১৮ চনত । অৱশ্যে ২০২১ চনৰ মে' মাহত স্তব্ধ কৰা হয় এই তদন্ত । কিয়নো অনুসন্ধানকাৰী সংস্থাটোৰ ভাষ্য অনুসৰি, প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ওপৰত উত্থাপিত অভিযোগৰ ভিত্তিত ৰুজু কৰিব পৰা নগ'ল কোনো গোচৰ ।

এতিয়া বিশেষজ্ঞ সকলৰ আশংকা অনুসৰি, কেন্দ্ৰীয় শাসনাধিষ্ঠ ভাৰতীয় জনতা পাৰ্টীয়ে চি বি আইৰ সহায়ত ক্ষমতাৰ অপব্যৱহাৰ কৰি বিহাৰ চৰকাৰৰ মুখ্য নেতা সকলক এই গোচৰৰ সৈতে সাঙুৰিবলৈ চেষ্টা চলাব । যদি এনে হয় তেন্তে বিহাৰৰ চৰকাৰ ভংগ পৰ্যন্ত অৱস্থা দেখিবলৈ পাব ৰাইজে । কিন্তু এই ঘটনা নীতি বহিৰ্ভূত । তেনেস্থলত স্বাধীনভাৱে কাম কৰিবলৈ সক্ষম হ'ব নে সংস্থাটো ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in