বন্যপ্ৰাণী চিকিৎসাৰ ক্ষেত্ৰত অসমৰ এজন সফল চিকিৎসক ড° চামচুল আলী

বন্যপ্ৰাণী চিকিৎসাৰ ক্ষেত্ৰত অসমৰ এজন সফল চিকিৎসক ড° চামচুল আলী

ডিজিটেল সংবাদ, কাজিৰঙাঃ নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰি অহা এগৰাকী প্ৰকৃতিপ্ৰেমী। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে ১০ বছৰৰ পৰিক্ৰমা। উগ্ৰ বন্যজন্তুক শুশ্ৰষা কৰিবলৈ গৈ বহুবাৰ আঘাতপ্ৰাপ্ত হৈছে তেওঁ। তথাপিও ভাগৰা নাই প্ৰকৃতিক ভাল পোৱা বিশেষ মানুহজন।বন্যপ্ৰাণী চিকিৎসাৰ ক্ষেত্ৰত অসমৰ এজন সফল চিকিৎসক ড° চামচুল আলী ৷

সৰুৰে পৰা বন্যপ্ৰাণীৰ প্ৰতি মৰম থকা চাম্‌চুল আলীয়ে বিগত দহ বছৰে বিভিন্ন ঘাত প্ৰতিঘাত নেওচি কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ ও পুন সংস্থাপন কেন্দ্ৰত আগবঢ়াই আহিছে চিকিৎসা সেৱা ৷ বৰ্তমান কেন্দ্ৰটোৰ ইনচাৰ্জ হিচাপে নিয়োজিত থকা চিকিৎসকগৰাকীয়ে বাঘ,ভালুক,গঁড়কে ধৰি মুঠ ২২০০ বন্যপ্ৰাণীক চিকিৎসা কৰি বনত মুকলি কৰি দিছে ৷ জাক বান্ধি অহা মানুহক লৈ কেতিয়াবা উদ্ধাৰ অভিযান কৰিবলৈ যাওতে অসুবিধাৰ সন্মুখীন হোৱাৰ কথাও প্ৰকাশ কৰে চিকিৎসকজনে ৷

উল্লেখ্য যে অসমৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ প্ৰদেশ আৰু শেহতীয়াকৈ ত্ৰিপুৰাত চিকিৎসা সেৱা আগবঢ়াবলৈ যাৱ চিকিৎসকগৰাকী ৷ সতৰ্কতাৰে চিকিৎসা সেৱা আগবঢ়াবলৈ যাওতে তিনিবাৰকৈ আঘাতপ্ৰাপ্ত হোৱাৰ কথাও প্ৰকাশ কৰে চিকিৎসকগৰাকীয়ে ৷

প্ৰৱল ইচ্ছাশক্তি আৰু বন্যপ্ৰাণীৰ প্ৰতি থকা মৰমৰ বাবেই এই কামখিনি কৰি নিজকে সৌভাগ্যবান বুলি কলে চিকিৎসকগৰাকীয়ে ৷ প্ৰতিটো বন্যপ্ৰাণীক সুস্থ কৰি বনলৈ পথোৱাৰ সময়ছোৱাত চিকিৎসকজনে মনত লাভ কৰে মানসিক প্ৰশান্তি ৷

বন্যপ্ৰাণী চিকিৎসাৰ ক্ষেত্ৰত অসমৰ এজন সফল চিকিৎসক ড° চামচুল আলী
সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ স্মৃতিচাৰণ সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in