বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱ জ্যোতি ডেকা সংকটজনক অৱস্থাত চিকিৎসাধীন

বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱ জ্যোতি ডেকা সংকটজনক অৱস্থাত চিকিৎসাধীন

author-image
Asomiya Pratidin
New Update
বিশিষ্ট সাহিত্যিক ড০ প্ৰণৱ জ্যোতি ডেকা সংকটজনক অৱস্থাত চিকিৎসাধীন

ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক.অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক ড০ প্ৰণৱ জ্যোতি ডেকা চিকিৎসাধীন। হাঁওফাঁওৰ সংক্ৰমণ আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাৰ বাবে শুকুৰবাৰে সাহিত্যিকগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয়।

Advertisment

চিকিৎসকসকলে তেওঁৰ চিকিৎসা কৰি আছে। বৰ্তমান তেওঁ সংজ্ঞান ঘূৰাই পাইছে যদিও এতিয়াও সংকটমুক্ত হোৱা নাই।

ড০ প্ৰণৱ জ্যোতি ডেকাই  'শ্ৰেষ্ঠ গল্প'ৰ বাবে ২০২৩ বৰ্ষত লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। ২০২১ চনত এই গ্ৰন্থখন প্ৰকাশ হৈছিল তেখেতৰ এই গল্প সংকলনখন। গ্ৰন্থখনৰ প্ৰকাশক আছিল বান্ধৱ প্ৰকাশন। এইখন গ্ৰন্থই ২০২২ বৰ্ষত অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল। তেখেতৰ আন উল্লেখযোগ্য গ্ৰন্থসমূহ - সেয়েহে কৈলাশনাথ, একুৰ বছৰৰ গল্প, এজাক এলেহুৱা কাউৰীৰ সাধু, বেৱাৰিছ লাছ আৰু অন্য গল্প,বিহুৱতী চৰাই আৰু অন্য গল্প, আদি।

Also Read: শিৱসাগৰত ১৪৪ ধাৰা জাৰিঃ ৬০ দিনলৈ বাহাল থাকিব নিৰ্দেশনা

NEMCARE pranab jyoti deka