শিৱসাগৰত ১৪৪ ধাৰা জাৰিঃ ৬০ দিনলৈ বাহাল থাকিব নিৰ্দেশনা

শিৱসাগৰত ১৪৪ ধাৰা জাৰিঃ ৬০ দিনলৈ বাহাল থাকিব নিৰ্দেশনা

author-image
Asomiya Pratidin
New Update
ধুবুৰীত ১৪৪ ধাৰা জাৰি, যান-বাহনৰ ক্ষেত্ৰত বিশেষ নিশেধাজ্ঞা

১৪৪ ধাৰা জাৰি

ডিজিটেল ডেস্কঃ শিৱসাগৰত ১৪৪ ধাৰা জাৰি। জিলা দণ্ডাধীশৰ নিৰ্দেশযোগে তৎকালে প্রযোজ্য হোৱাকৈ এই নিৰ্দেশনা। শান্তি-শৃংখলা পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকাত এই ধাৰা জাৰি।

Advertisment

এই ধাৰাৰ অধীনত অনুমতি বিহীনভাৱে একগোট হ’ব নোৱাৰিব ১০জন বা ততোধিক লোক। কাৰ্যালয়, ব্যৱসায়িক প্রতিষ্ঠান আদিৰ পৰা বৰঙণি সংগ্রহ কৰিব নোৱাৰিব। ভীতি প্রদৰ্শন, প্রতিমূৰ্তি দাহ, পথ বন্ধ আদি কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব। দাহ্য পদাৰ্থ প্রজ্বলন, অস্ত্র-শস্ত্র লগত লৈ ঘূৰিব নোৱাৰিব। কোনোধৰণৰ ৰাজহুৱা সম্পত্তি ধ্বংস কৰিব নোৱাৰিব।

উল্লেখ্য যে, ৬০ দিনলৈকে বাহাল থাকিব এই নিৰ্দেশনা। ইয়াৰোপৰি এই সময়চোৱাত যিকোনো অনুষ্ঠান কৰিবলৈ জিলা প্রশাসনৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব।

এই আদেশ অমান্য কৰিলে ১৪৪ ধাৰা অনুসৰি দণ্ডণীয় হ’ব। অৱশ্যে দণ্ডাধীশ, নিৰাপত্তাৰক্ষী, সেনাবাহিনীৰ লোকক ৰেহাই দিয়া হৈছে। কৰ্তব্যৰত অসামৰিক বিষয়া বা জৰুৰীকালীন সেৱাত জড়িতসকল এই নিষেধাজ্ঞাৰ পৰা ৰেহাই পাব।

Also Read: স্কুটীৰ ওপৰত অশ্লীল ভিডিঅ' ! গ্ৰেপ্তাৰ ৩ জন, জৰিমণা ৮০,৫০০ টকা

144 Assam police