তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য কিশোৰী মোহন পাঠক আৰু নাই...

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য কিশোৰী মোহন পাঠক আৰু নাই...
তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য কিশোৰী মোহন পাঠক আৰু নাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ ড০ কিশোৰী মোহন পাঠক আৰু নাই। ৰাজ্যৰ কেইবাখনো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰে জড়িত ড০ কিশোৰী মোহন পাঠক আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক।

পৰৱৰ্তী সময়ত তেওঁ অসম চুক্তিৰ আধাৰত স্থাপিত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাক উপাচাৰ্যৰ দায়িত্ব পালন কৰে। প্ৰয়াত কিশোৰী মোহন পাঠক আছিল অসম বিজ্ঞান সমিতিৰো সভাপতি।

তেখেত গুৱাহাটীৰ আগশাৰীৰ অন্য এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বি বৰুৱা কলেজৰো পৰিচালনা সভাৰ সভাপতিৰ দায়িত্বত আছিল। এইগৰাকী বিশষ্ট শিক্ষাবিদ তথা বিজ্ঞানী আছিল সমাজকৰ্মীও।

শিক্ষা, সমাজ আৰু ,সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বিভিন্ন সামাজিক দল, সংগঠনে বিভিন্ন বঁটাৰেও সন্মান জনাইছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য কিশোৰী মোহন পাঠক আৰু নাই...
আজি আন্তৰ্জাতিক যোগ দিৱস; দেশৰ প্ৰান্তে প্ৰান্তে বিশেষ প্ৰস্তুতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in