'কা’ জাপি দিয়া বিজেপি-অগপক ভোট নিদিবলৈ আহ্বান ড০ হীৰেন গোঁহাইৰ...

'কা’ জাপি দিয়া বিজেপি-অগপক ভোট নিদিবলৈ আহ্বান ড০ হীৰেন গোঁহাইৰ...

ডিজিটেল সংবাদ, গুৱাহাটীঃ ড০ হীৰেন গোঁহাইৰ নেতৃত্বত 'কা’ বিৰোধী ঐক্যমঞ্চই আজি দিনত কেবাঘণ্টা ধৰি অসমীয়া জাতি আৰু ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত এই আইনখন বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় আৰু জনসজাগতা অভিযান আৰম্ভ কৰে। ড০ হীৰেন গোঁহাইয়ে 'কা’ৰ দৰে এখন সৰ্বানাশী আইনে অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতিক বিলুপ্ত কৰিব বুলি ব্যাখ্যা আগবঢ়ায় আৰু বিদেশীৰ বোজাৰ পৰা অসমক বচাবলৈ বিজেপি আৰু অগপ দলক ভোট নিদিবৰ বাবে ৰাইজক আহ্বান জনায়।

'কা’ বিৰোধী ঐক্যমঞ্চৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে আঁত ধৰা অনুষ্ঠানটোত প্ৰায়কেইটা বিৰোধী দলৰ প্ৰতিনিধিৰ আৰু ছাত্ৰ সংগঠনৰ নেতা উপস্থিত থাকে। চিপিএম, চিপিআইৰ নেতৃবৃন্দৰ লগতে পিএলপিৰ চৰণ ডেকা, জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, জ্যেষ্ঠ কংগ্ৰেছ নেতা বলীন কুলী, শিলসাঁকোৰ উচ্ছেদিতৰ পৰিয়ালৰ কেবাগৰাকীও বক্তাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ সম-অধ্যক্ষ বেদব্ৰত বৰায়ো 'কা’ বলৱৎ কৰা চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

বৰাই কয় যে, দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে প্ৰথমখন কেবিনেটতে 'কা’ বাতিল কৰা হ’ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিক ইন্দ্ৰাণী দত্তই বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমৰ ৰাইজক ভোট প্ৰদান কৰিবৰ বাবে আহ্বান জনায় আৰু বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে অসমতে অসমীয়া ভগনীয়া হ’ব বুলিও উল্লেখ কৰে।

'কা’ জাপি দিয়া বিজেপি-অগপক ভোট নিদিবলৈ আহ্বান ড০ হীৰেন গোঁহাইৰ...
ঘিলামৰাত বৰদৈচিলা! উভালি পৰিল গছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in