শিক্ষাৰ্থীৰ বাবে অমূল্য উপহাৰ: কেৰিয়াৰ হাতপুথি...

শিক্ষাৰ্থীৰ বাবে অমূল্য উপহাৰ: কেৰিয়াৰ হাতপুথি...

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত শিক্ষাৰ্থীৰ এটা ডাঙৰ সমস্যা হ'ল কেৰিয়াৰ। কেৰিয়াৰকলৈ শিক্ষাৰ্থীৰ লগতে চিন্তিত হৈ পৰে অভিভাৱক। বহু সময়ত উচিত কেৰিয়াৰ পথৰ সন্ধান বিচাৰি এজন ভাল পৰামৰ্শকৰ অভাৱ অনুভৱ কৰে শিক্ষাৰ্থীয়ে। যাৰ বাবে সময়ে সময়ে প্ৰকাশ পোৱা বহু কেৰিয়াৰ পুথিৰ সহায় লয়।

তথাপিও বহু সময়ত শিক্ষাৰ্থীয়ে মনৰ সকলো আঁসোৱাহ আঁতৰাব নোৱাৰাৰ পৰিলক্ষিত হয়। বিদ্যায়তনিক দিশত এখন দেওনা পাৰ হোৱাৰ পাছত পৰৱৰ্তী কি পাঠ্যক্ৰম গ্ৰহণ কৰিব, সেই পাঠ্যক্ৰমত কেনে ধৰণৰ কথা পঢ়িবলৈ পাব তাক লৈও উচিত নিৰ্দেশনা তথা পৰামৰ্শ লাভ নকৰাৰ পৰিপ্ৰেক্ষিততেই নিজৰ আগ্ৰহ থকা বিষয়ৰ বিপৰীতে অন্য বিষয় বাচনি কৰি বিপাঙত পৰে বহু ছাত্ৰ-ছাত্ৰী।

শিক্ষাৰ্থীৰ এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশিষ্ট লেখক ড০ বুলজিৎ বুঢ়াগোহাঁইয়ে শিক্ষাৰ্থীৰ বাবে লিখি উলিয়াইছে এখন কেৰিয়াৰ পুথি। 'কেৰিয়াৰ হাতপুথি' নামৰ এই পুথিখনৰ পৰা শিক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব বিদ্যালয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয় তথা প্ৰতিযোগিতামূলক সকলো ধৰণৰ পৰীক্ষাৰ নিদেৰ্শনা। পুথিখনত সম্বলিত আছে বহু কেইটা পাঠ্যক্ৰমৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি আৰ্হিৰ সবিস্তাৰ প্ৰকাশ। লগতে আছে পাঠ্যক্ৰমৰ আভাস ও উচিত নিৰ্দেশনা।

শিক্ষাৰ্থীসকলে পুথিখনৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিৱৰণৰ উপৰিও ষ্টাফ ছিলেকচন, বিশ্ববিদ্যালয়ৰ তথা মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম তথা নিৰ্বাচন প্ৰক্ৰিয়া, ভাৰতীয় সেনাত যোগদানৰ যোগ্যতা তথা তথ্য, বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ পৰা আৰম্ভ কৰি গণিত, পৰিসংখ্যা, বায়োটেকনল'জি, ভূগোল, নৃতত্ত্ব, ভূতত্ত্ব, চাৰ্টাড একাউণ্ট, কোম্পানী চেক্ৰেটাৰী, বতৰ, ইলেকট্ৰিচিয়ান, প্লাষ্টিক টেকনল'জি, খাদ্য প্ৰযুক্তি, কৃষি অভিযান্ত্ৰিক, ফাৰ্মাচী, পশু চিকিৎসা, বৃত্তিমুখী শিক্ষা, হোটেল মেনেজমেণ্ট, ভাষা শিক্ষা, জ্যোৰ্তিবিজ্ঞান, সমাজ সেৱা, ফাইন আৰ্ট, মিউজিঅ'লজি আদিকে ধৰি বহু বিষয়ৰ ওপৰত এক সবিস্তাৰ বিৱৰণ পাব। যাৰ অধ্যয়নৰ জৰিয়তে মনৰ আসোঁৱাহ দূৰ কৰি কেৰিয়াৰৰ ক্ষেত্ৰত উচিত পথ বাচি ল'ব পাৰিব শিক্ষাৰ্থীয়ে।

উল্লেখ্য যে, ড০ বুলজিৎ বুঢ়াগোহাঁই হৈছে ২০১১ চনৰ 'জীৱন' আলোচনীৰ সমীক্ষাত বছৰৰ ১০জন বিশেষ ব্যক্তিৰ ভিতৰত স্বীকৃতি প্ৰাপ্ত এজন লেখক। যিয়ে অনলাইন অভিধান 'শব্দ', দ্বিভাষিক আলোচনী এনাজৰী ডট কম আৰু কেৰিয়াৰ কাউঞ্চেলিঙৰ সৈতে জড়িত হৈ আহিছে। তদুপৰি সামাজিক জীৱনৰ প্ৰায় প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মাত মাতি ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সম্পৰ্কীয় বিষয়বোৰত বহু বছৰ ধৰি পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰি আহিছে।

শিক্ষাৰ্থীৰ বাবে অমূল্য উপহাৰ: কেৰিয়াৰ হাতপুথি...
ডেৰকুৰি অনুবাদকেৰে কাজিৰঙাত ভাষা-সাহিত্য প্ৰচাৰৰ ৫দিনীয়া বিশেষ কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in