দিহিং সত্ৰত পৰাম্পৰাগতভাৱে দৌলোৎসৱ পালন

এইবাৰ ৰাইজে এইবাৰ নতুন উৎসব উদ্দীপনাৰে দৌলোৎসৱ পালন কৰে
দিহিং সত্ৰত পৰাম্পৰাগতভাৱে দৌলোৎসৱ পালন

ডিজিটেল সংবাদ, গোলাঘাটঃ পৰম্পৰাগতভাৱে গোলাঘাট জিলাৰ দিহিং সত্ৰত পালন কৰা হ'ল দৌল উৎসৱ। সোমবাৰে নিশা যথা বিহিত মেষদাস সম্পন্ন হোৱাৰ পাছত মঙলবাৰে মহাপূজা সম্পন্ন কৰা হয়।

বুধবাৰে পুৱাৰ ভাগৰ পৰাই পুনৰ ধৰ্মীয় ৰীতি নীতিৰে উৎসৱৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। বিয়লি মহাপ্ৰভূৰ মূৰ্তিৰ সহিতে সত্ৰাধিকাৰ শ্ৰীশ্ৰী মাধৱদেৱ গোস্বামীক লৈ জামুগুৰি,কালুজান, নোগোৰা,কুৱৰী পথাৰ আদি গাৱৰ ৰাইজে তথা সত্ৰখনৰ শিষ্য সকলে সত্ৰৰ প্ৰাঙ্গণত পৰা দৌলযাত্ৰা আৰম্ভ কৰে।

দৌলযাত্ৰা সময়ত ফাকু খেলি ৰাইজে আনন্দ উৎসৱত মতলীয়া হয়। উল্লেখযোগ্য যে দিহিং সত্ৰৰ উদ্যোগত প্ৰতি বছৰে পৰাম্পৰাগত ভাৱে দৌলোৎসৱ পালন কৰি অহা হয় যদিও কভিডৰ বাবে যোৱা তিনিটা বছৰ অনুষ্ঠিত হোৱা নাছিল। এইবাৰ ৰাইজে এইবাৰ নতুন উৎসব উদ্দীপনাৰে দৌলোৎসৱ পালন কৰে।

দিহিং সত্ৰত পৰাম্পৰাগতভাৱে দৌলোৎসৱ পালন
সমাজৰ বিভিন্ন ক্ষেত্ৰত বাটকটীয়া হৈ ৰোৱা প্ৰথম অসমীয়া নাৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in