অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান

অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
অসম ডন ব’স্ক’  বিশ্ববিদ্যালয়ত ড° জয়ন্ত বি শৰ্মাৰ সৈতে মত বিনিময় অনুষ্ঠান

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ড° জয়ন্ত বি শৰ্মাৰ সৈতে “কেৰিয়াৰ আৰু জীৱন” শীৰ্ষক এখন মত বিনিময় অনুষ্ঠান ১৩ মাৰ্চত অনুষ্ঠিত হয়। সমল ব্যক্তি ড° জয়ন্ত বি শৰ্মাক গামোছাৰে আদৰণি জনায় মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।

Advertisment

ড° বুঢ়াগোহাঁয়ে মত বিনিময় অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে। সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ বিভাগৰ সহকাৰী অধ্যাপক পল্লৱ গগৈয়ে । অসম ডন বস্কো বিশ্ববিদ্যালয় স্কুল অৱ টেকন'লজীৰ সহকাৰী সঞ্চালক পি জোচেফ উপস্থিত থকা মত বিনিময় অনুষ্ঠানটোত মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ শিক্ষাৰ্থীসকলৰ লগতে অধ্যাপকসকলেও অংশগ্ৰহণ কৰে।

ড° জয়ন্ত বি শৰ্মাই কৃত্ৰিম বুদ্ধিমত্বা (এ.আই.)ৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা আগবঢ়োৱাৰ লগতে আপেক্ষিকতাবাদ আৰু তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্রক জীৱন সৈতে উদাহৰণে ব্যাখ্যা দাঙি ধৰে। তেওঁ দক্ষতা ভিত্তিক শিক্ষা আৰু জীৱনজোৰা শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ড° শৰ্মাই পৰিৱেশ বহনক্ষমতাৰ বিষয়েও ব্যাখ্যা কৰে। মত বিনিময় অনুষ্ঠানটোত ড° বুলজিৎ বুঢ়াগোহাঁয়ে শলাগৰ শৰাই আগবঢ়ায়।

Also Read: তিৱা মাথনলাই তখ্ৰাৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

assam don bosco university