দৈগ্ৰোং শাখা সাহিত্য সভাৰ ঊনবিংশতিতম দ্বি - বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন

মুখপত্ৰ ইন্দ্ৰনীল উন্মোচন
দৈগ্ৰোং শাখা সাহিত্য সভাৰ ঊনবিংশতিতম দ্বি - বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন

ডিজিটেল সংবাদ, নুমলীগড় : দৈগ্ৰোং শাখা সাহিত্য সভাৰ ঊনবিংশতি তম্  দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। মুখপত্ৰ ইন্দ্ৰনীল উন্মোচন। অসম সাহিত্য সভাৰ অন্তৰ্গত গোলাঘাট জিলাৰ দৈগ্ৰোং শাখা সাহিত্য সভাৰ ঊনবিংশতিতম পূৰ্ণাংগ দ্বি-বাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসুচীৰে মংগলবাৰে দৈগ্ৰোং নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসুচীৰ সাহিত্য সভাৰ পতাকা উত্তোলন কৰে  শাখা সভাৰ বিদায়ী সভাপতি প্ৰমোদ ফুকনে ৷ স্মৃতি তৰ্পণ কৰে শাখাৰ প্ৰাক্তন সভাপতি গোলাপ চন্দ্ৰ শইকীয়াই ৷ প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ৰাজ্যিক পুৰষ্কাৰ প্ৰাপ্ত কৃতি শিক্ষক তিতাৰাম দাসে ৷ পুৱা ৯ বজাৰ পৰা প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়। সভাত জীৱদা শইকীয়াক সভাপতি ৰমেন ফুকনক সম্পাদক হিচাপে লৈ শাখা সভাৰ ২০২৩-২৫ বৰ্ষৰ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

তদুপৰি, ভাৰ্গৱজ্যোতি বৰাক প্ৰত্ৰিকা সম্পাদক আৰু টিংকু শইকীয়াক প্ৰাচীৰ পত্ৰিকা সম্পাদক মনোনীত কৰা হয়। ইয়াৰ পিচতে “সাহিত্যৰ পৰিচয়মূলক আলোচনা“ অনুষ্ঠিত হয় । আলোচনা আগবঢ়ায় দেইথৰ মডেল কলেজৰ প্ৰৱক্তা ড° ব্ৰজেন শৰ্মাই ৷ বিয়লী ১ বজাৰ পৰা নৱ মনোনীত সভাপতি জীৱদা শইকীয়াৰ সভাপতিত্বত মুকলি অধিৱেশন অনুষ্ঠিত হয় । দৈগ্ৰোং প্ৰগতি মহিলা সমিতিৰ সদস্যা সকলে পৰিবেশন কৰা 'চিৰ চেনেহী মোৰ ভাষা জননী' গীতেৰে শুভাৰম্ভ কৰা সভা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক অৰূপ কুমাৰ দুৱৰাই ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি 'হালধীয়া জোতা' গ্ৰন্থৰ বাবে ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা প্ৰাপক নবীন গল্পকাৰ উপাসনা শইকীয়াই সাহিত্যৰ প্ৰতি সকলোকে দায়বদ্ধ হবলৈ আহ্বান জনায়। দায়বদ্ধতা আৰু সচেতনতাৰে সমাজখনক সাহিত্যিকসকলে পৰ্যবেক্ষণ কৰিব লাগিব আৰু এই পৰ্যবেক্ষণত বস্তুনিষ্ঠতা থাকিব লাগিব। নতুন প্ৰজন্মই শৃংখলিত ভাৱনাৰে সমাজখনক পৰ্যবেক্ষণ কৰিব লাগিব।

এই সভাতে দৈগ্ৰোং শাখা সাহিত্য সভাৰ মুখপত্ৰ "ইন্দ্ৰনীল"ৰ ষষ্ঠদশ সংখ্যা পিণ্টু গগৈৰ সম্পাদনাত প্ৰকাশ পোৱা গ্ৰন্থখনি উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই ৷ মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ৷ 

সভাত অঞ্চলটোৰ সাহিত্য, সংস্কৃতি, শিল্প-কলা, চিত্ৰকলা, ভাষ্কৰ্যশিল্প,নাট্যশিল্প লোকশিল্প আদি ক্ষেত্ৰৰ ১৪ গৰাকী নবীন প্ৰবীন শিল্পীক অংগবস্ত্ৰ আৰু স্মাৰকেৰে সন্মানিত কৰা হয়। তদপুৰি, শাখাৰ প্ৰাক্তন সভাপতি সম্পাদক সকলকো বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। মুকলি অধিৱেশনত বিশিষ্ট নিবন্ধকাৰ মনোজ কুমাৰ শইকীয়া, কাব্যঋষি নীলমনি ফুকন, সাহিত্যিক চিন্তাবিদ শিৱনাথ বৰ্মন, বিশিষ্ট সাহিত্যিক সাংবাদিক কথাশিল্পী হোমেন বৰগোহাঞি, কবি সাংবাদিক কৌস্তুভমণি হাজৰিকা প্ৰমূখ্যে গত দুটা বৰ্ষত জ্ঞাতে-অজ্ঞাতে পৰলোকপ্ৰাপ্তি হোৱা ব্যক্তিৰ শোক প্ৰকাশ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখ্য যে দৈগ্ৰোং শাখা সাহিত্য সভাই ধাৰাবাহিকভাৱে শাখাৰ মূখপত্ৰ ইন্দ্ৰনীলৰ ১৬টাকৈ সংখ্যা প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যক সমৃদ্ধ কৰি আহিছে ৷ সভাৰ অন্তত ২২ জানুৱাৰীত দৈগ্ৰোং প্ৰগতি মহিলা সমিতিয়ে অনুষ্ঠিত কৰা সদৌ অসম মহিলা দিহানাম প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী দল বীণাপাণি দিহানাম দল গোলাঘাট, দ্বিতীয় বৈজয়ন্তী দিহানাম দল , তৃতীয় মৃত্যুঞ্জয় দিহানাম দলক বঁটা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in