২২ বছৰীয়া হ’ল শংকৰদেৱ শিশু নিকেতন কাজিৰঙা

২২ বছৰীয়া হ’ল শংকৰদেৱ শিশু নিকেতন কাজিৰঙা

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাৰ শংকৰদেৱ শিশু নিকেতনৰ দ্বাবিংশতিতম প্ৰতিষ্ঠা দিৱস ৷ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে সফলতাৰ ২১ টা বৰ্ষ অতিক্ৰমৰ পাছত শংকৰদেৱ শিশু নিকেতন কাজিৰঙাই ভৰি দিলে নতুন এটা বৰ্ষত ৷ পতাকা উত্তোলন, স্মৃতি তৰ্পনেৰে আৰম্ভণি হোৱা কাৰ্য্যসূচীৰ পাছত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা শাৰীৰিক আৰু যোগকলা প্ৰদৰ্শন কৰাৰ লগতে হেৰাই যাব ধৰা পৰম্পৰা ধৰি ৰখাৰ প্ৰয়াসেৰে উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷

ইয়াৰ পাছতে মুকলি সভা,প্ৰাচীৰ পত্ৰিকা উন্মোচনৰ লগতে হাতে লিখা আলোচনী “ভাৰতী” উন্মোচন কৰে কাজিৰঙাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মনজিৎ গগৈয়ে৷ ২১ বছৰীয়া যাত্ৰাপথত যিসকল ব্যক্তিয়ে কায়িক, মানসিক,শ্ৰমদান কৰি সহযোগিতা আগবঢ়ালে তেখেতসকলৰ বাবেহে নিকেতনখন আজি নতুন এটা বৰ্ষত ভৰি দিব পাৰিছে বুলি মত প্ৰকাশ প্ৰধান আশ্চাৰ্য্য ৰঞ্জন ৰাজখোৱাৰ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in