যোগ্য জনে লাভ কৰে নে চৰকাৰী সুবিধা ?

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ১০০ বছৰীয়া বৃদ্ধা...

author-image
Asomiya Pratidin
New Update
যোগ্য জনে লাভ কৰে নে চৰকাৰী সুবিধা ?

যোগ্য জনে লাভ কৰে নে চৰকাৰী সুবিধা?

ডিজিটেল সংবাদ, লামডিং: বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে এগৰাকী ১০০ বছৰীয়া দুৰ্ভুগীয়া বৃদ্ধা। অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, চৰকাৰী আৱাস গৃহ দূৰৰে কথা খাবলৈ চৰকাৰী চাউল মুঠিও নাপায় ১০০ বছৰীয়া আইতাগৰাকীয়ে ৷ পূব লামডিং পঞ্চায়তৰ অন্তৰ্গত মুৰাবস্তি গাৱৰ দূৰ্গী থাপা নামৰ বৃদ্ধা গৰাকীয়ে আজিলৈকে নাপালে কোনো ধৰণৰ চৰকাৰী সুবিধা।

Advertisment

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে। কিন্তু বহুক্ষেত্ৰত এই আঁচনিসমূহে স্পৰ্শ নকৰে প্ৰকৃত লোকসকলক। এটা ভঙা চিঙা ঘৰ, থাকিবলৈ মাত্ৰ দুটা কোঠালি এনেদৰেই জৰাজীৰ্ণ অৱস্থাত বাস কৰি আহিছে বৃদ্ধা গৰাকীয়ে। দুৰ্ভুগীয়া বৃদ্ধা গৰাকীৰ অভিযোগ অনুসৰি আজি পৰ্যন্ত লাভ নকৰিলে এটা চৰকাৰী ঘৰ ৷ তাৰোপৰি চৰকাৰী চাউল তথা বৃদ্ধ পেঞ্চনকে ধৰি পাবলগীয়া আচনিসমূহৰ পৰাও বঞ্চিত হৈ আহিছে তেওঁ ৷

একপ্ৰকাৰ যমৰ যাতনাত দিন কটাব লগীয়া হৈছে ১০০ বছৰীয়া বৃদ্ধা গৰাকীয়ে। এতিয়া প্ৰশ্ন হয় চৰকাৰে দৰিদ্ৰ নিৰ্মূলকৰণৰ বাবে বিভিন্ন অভিলাষী আঁচনি প্ৰস্তুত কৰিছে যদিও যোগ্যজনে এই আঁচনি লাভ কৰিবলৈ সক্ষম হৈছেনে?

এয়া মাথোঁ এটা উদাহৰণহে। অসমৰ চুকে–কোণে এনে আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ পৰা বঞ্চিত হৈ আছে। এইক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই তৃণমূল পৰ্যায়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।

আৰু পঢ়ক: তিতাবৰত পানী যোগান আঁচনিৰ নামত বৃহৎ দুৰ্নীতি; অভিযোগ পৌৰপতিৰ বিৰুদ্ধে...

lumding assam