তিতাবৰত পানী যোগান আঁচনিৰ নামত বৃহৎ দুৰ্নীতি; অভিযোগ পৌৰপতিৰ বিৰুদ্ধে...

তিতাবৰত পানী যোগান আঁচনিৰ নামত বৃহৎ দুৰ্নীতি; অভিযোগ পৌৰপতিৰ বিৰুদ্ধে
তিতাবৰত পানী যোগান আঁচনিৰ নামত বৃহৎ দুৰ্নীতি; অভিযোগ পৌৰপতিৰ বিৰুদ্ধে
তিতাবৰত পানী যোগান আঁচনিৰ নামত বৃহৎ দুৰ্নীতি; অভিযোগ পৌৰপতিৰ বিৰুদ্ধে

ডিজিটেল ডেস্ক: তিতাবৰ পৌৰসভাত পানী যোগান মেৰামতিৰ কামত ব্যাপক দুৰ্নীতি। নিবিদা অবিহনে নিৰ্ধাৰিত শিতানৰ ৫৬ লাখ টকাৰ পানী যোগানৰ আঁচনিৰ কামক লৈ অচলাৱস্থাৰ সৃষ্টি হৈছে তিতাবৰ পৌৰসভাত। অভিযোগ অনুসৰি পৌৰপতি ৰূপা দত্ত শইকীয়াই পানী যোগান মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে।

ৱাৰ্ড সদস্য সকলৰ অজ্ঞাতে বর্ডৰ সভা পাতি পৌৰপতি ৰূপা দত্ত শইকীয়াই আশ্ৰয় লোৱা মিথ্যাচাৰিতাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচিত পৌৰ সদস্য সকলে। বিজেপিৰ দখলত থকা তিতাবৰ পৌৰসভাৰ  বিজেপিৰ ৩ গৰাকী ৱাৰ্ড সদস্যৰ লগতে বিৰোধী কংগ্ৰেছৰ সদস্যসকলেও মহকুমাধিপতি কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্তৰ দাবী জনায়।

ইফালে, পৌৰপতি ৰূপা দত্ত শইকীয়াৰ বিৰুদ্ধে খোদ শাসকীয় দলৰ সদস্য সকলে প্ৰতিবাদ মুখৰ হোৱা কাণ্ডই তিতাবৰত বিজেপি দলৰ আচল চৰিত্ৰটোকে উন্মোচিত কৰিছে বুলি একাংশৰ দ্বাৰা সমালোচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in