
ডিজিটেল সংবাদ,টেঙাখাত : নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনঃ নিৰ্ধাৰণৰ খচৰা তালিকা মৰ্মে ৰঙচঙী গাঁও পঞ্চায়ত আৰু লেংৰাই গাঁও পঞ্চায়তক দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা পৃথক কৰিব খোজা কাৰ্যক বিৰোধিতা কৰে। উক্ত দুয়োখন পঞ্চায়তক চাবুৱা বিধানসভা সমষ্টিত সংলগ্ন কৰিব খোজা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে।
একাংশ সচেতন লোকৰ তৎপৰতাত ইয়াৰ বিৰোধিতা কৰি পূৰ্বৰ দৰে পঞ্চায়ত দুখনক দুলিয়াজান সমষ্টিতে থকাৰ ব্যৱস্থা কৰিবলৈ ডিব্ৰুগড় জিলা উপায়ুক্ত স্থানীয় বিধায়ক আদিক ৰাজহুৱা স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। পিচত শনিবাৰে একাংশ সচেতন লোকৰ উদ্যোগত টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহত এক নাগৰিক সন্মিলন অনুষ্ঠিত হয় ।
উল্লেখিত দুয়োটা পঞ্চায়তৰ লগতে বৃহত্তৰ টেঙাখাতৰ বহু দল সংগঠনৰ নেতা কৰ্মী তথা সৰ্বসাধাৰণ ৰাইজ উপস্থিত থকা নাগৰিক সন্মিলনত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক বিদ্যাধৰ ফুকনে । উদ্যোক্তা দ্বীপনজ্যোতি ফুকনে আঁত ধৰা সভাত কংগ্ৰেছ নেতা হেৰম্ব সন্দিকৈ, গৌতম গগৈ বিপুল ৰাভা, ৰাজীৱ সিংহ বড়া, আহোম জাতীয় মহাসভাৰ নেতা অনন্ত গগৈ, প্ৰাক্তন আছু নেতা কুচেব দুৱৰা,মাছ'ৰ নেতা কাৰ্তিক হাজৰীকা, জাতীয় মহিলা সন্মিলনৰ নেত্ৰী অৰুণা বৰা, অসম জাতীয় পৰিষদৰ নেতা শৰৎ গগৈ,ৰঙচঙী আঞ্চলিক পঞ্চায়তৰ সদস্যা কৃষ্ণা লিকচন, যুৱ ছাত্ৰ পৰিষদৰ নেতা পাৰ্থপ্ৰতীম কোঁৱৰ,গৌতম বৰুৱা আটাছু ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰূপম গগৈ তথা নেতা তিলক গগৈ,মেঘন গগৈ,লেংৰাই ৱাৰ্ড মেম্বাৰ কৰণ গোচাই, গীৰ্জা কমিটিৰ সদস্য জিচকেল কন্দপান,আছু নেতা অৰ্জুন চেত্ৰী, অৱসৰপ্ৰাপ্ত গাওঁপ্ৰধান মানিক ফুকন আদিয়ে বিভিন্ন পৰামৰ্শ প্ৰদান কৰি বক্তব্য ৰাখে ।
উক্ত সভাই কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰি ৰংচঙী আৰু লেংৰাই গাওঁ পঞ্চায়ত দুখনক দুলিয়াজান সমষ্টিত ৰখাৰ ক্ষেত্ৰত ঐক্যবদ্ধতাৰে কৰ্তব্যত অগ্ৰসৰ হ'বলৈ সংকল্গ গ্ৰহণ কৰে।