নৱজাতকৰ মৃত্যু সন্দৰ্ভত চিকিৎসক মৌচুমী ভট্টাচাৰ্জীৰ সংবাদমেল

নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ কৰ্মী লগত এগৰাকী চাফাই কৰ্মীয়ে কৰিছিল প্ৰসূতিৰ প্রসৱ

author-image
Asomiya Pratidin
New Update
নৱজাতকৰ মৃত্যু সন্দৰ্ভত চিকিৎসক মৌচুমী ভট্টাচাৰ্জীৰ সংবাদমেল

ডিজিটেল সংবাদ,লামডিং : লামডিং অসামৰিক চিকিৎসালয়ত সংঘটিত আজৱ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। জানিব পৰামতে এই চিকিৎসালয়খনৰ বিৰুদ্ধে আছে অভিযোগৰ উপৰি অভিযোগ।

Advertisment

যোৱা ৫ ছেপ্তেম্বৰত লামডিং অসামৰিক চিকিৎসালয়ত সংঘটিত এক ঘটনাৰ ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। তথ্য অনুসৰি চিকিৎসকৰ অবিহনে নাৰ্ছ,চতুৰ্থ বৰ্গৰ কৰ্মী আৰু চাফাই কৰ্মীয়ে এগৰাকী প্ৰসূতিক প্রসৱ কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে। উক্ত দিনা এইসকল অনা চিকিৎসকে সংঘটিত কৰা এনে আজৱ কাণ্ডৰ ফলত প্ৰসূতীগৰাকীয়ে জন্ম দিয়া নৱজাতক কন্যা শিশুটিৰ মৃত্যু হয়।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত চিকিৎসালয়খনৰ জ্যেষ্ঠা চিকিৎসক মৌচুমী ভট্টাচাৰ্জীয়ে এক সংবাদমেলৰ আয়োজন কৰে। মৃত্যুৰ দিনা অভিযোগ উত্থাপন হোৱা চিকিৎসক মৌচুমী ভটাচাৰ্জীয়ে বৃহস্পতিবাৰে সংবাদ মেলৰ জৰিয়তে চিকিৎসকগৰাকীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল কৰে।

নিশা দায়িত্বত থকা কাণ্ডজ্ঞানহীন নাৰ্চ পূজা দে'ই কোনো চিকিৎসকক প্ৰসূতিৰ প্ৰসৱ যন্ত্ৰনাৰ বিষয়ে জনোৱা নাছিল । আনকি নিশা দায়িত্বত থকা CHO নীলিম পাগাৰো নাছিল কোনো সন্ধান ৷

তাৰোপৰি নাৰ্চ পূজা, এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু এগৰাকী চাফাই কৰ্মচাৰীয়ে চিকিৎসকক নজনোৱাকৈ তথা চিকিৎসক অবিহনে সন্তান প্ৰসৱ কৰোৱাইছিল। যাৰ ফলত দেৱশিশুটিৰ মৃত্যু হৈছিল ৷

এই অভিযোগ উত্থাপন কৰে লামডিং অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা উক্ত ঘটনাৰ অভিযুক্ত চিকিৎসক মৌচুমী ভট্টাচাৰ্যই ৷ তাৰোপৰি চিকিৎসকগৰাকীয়ে কয় যে, এতিয়ালৈকে চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনা সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

এতিয়া প্ৰকৃততে চিকিৎসালয়খনত ৫ ছেপ্তেম্বৰৰ নিশা কি হৈছিলে আৰু কাৰ ভুলৰ বাবে হৈছিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷ নিমাত দৰ্শক হৈ ৰ'ব নেকি চিকিৎসালয়খনৰ অধীক্ষক সুমিত্ৰা দে নে এইবাৰো গাপ দিয়াৰ চেষ্টা কৰিব সেইয়া লক্ষ্যণীয় হ'ব বুলি মত প্ৰকাশ কৰে ।

Also Read: ‘ASSAM’ অসম হ’ব নেকি ?

doctor LUMDING POLICE newborn