/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9b879ddd-15da-4c23-aa33-108ee1833063/AP_FOR_WEB_NEW____bikhekh_lekha.jpg)
মৃদুল কুমাৰ সন্দিকৈ
নামে কি কৰে,গুণেহে সংসাৰ তৰে। সেইবোৰ অপ্তবাক্যৰ চাগৈ এতিয়া মূল্য নাই ! ভাৰত,ইণ্ডিয়া আদি প্ৰসংগই দেশ জোকাৰি গৈছে।
কোনোবাই কৈছে- ইণ্ডিয়াৰ নামটোতেই বৃটিছৰ ঔপনিৱেশ শাসনৰ লুকাই থকা ইতিহাস মচি দিবলৈ কৰাৰ প্ৰয়াস আদৰণীয়। আন একাংশৰ মতে- এয়া শেহতীয়া বিৰোধী ৰাজনৈতিক ঐক্যক মষিমূৰ কৰিবলৈ বিজেপিৰ মাষ্টাৰ ষ্ট্ৰ’ক।
যদি এই পৰম্পৰাৰে ‘ইণ্ডিয়া’ক চিৰ বিদায় দি কেৱল ‘ভাৰত’ কৰা হয় তেনে অসমৰ ক্ষেত্ৰতো ‘আছাম’ শব্দৰো বিলুপ্তি দাবী উঠিব এদিন। একেদৰে সন্দিকৈ,কোঁৱৰ আদি উপাধিবোৰৰ ইংৰাজী বৰ্ণ বিন্যাস সলনি কৰাৰ প্ৰয়োজনবোধ কৰিব একাংশই।
কিন্তু সঁচাকৈ প্ৰয়োজন আছেনে 'ইণ্ডিয়া' শব্দৰ সলনি কেৱল 'ভাৰত' কৰাৰ ? দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৭ বছৰ পূৰ্বেই দেশৰ নাম সলনি কৰাৰ বিৰুদ্ধে নিৰ্দেশনা দি থৈছে।
এইজন প্ৰধানমন্ত্ৰী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আদালতত এনে পদক্ষেপৰ বাবে জনোৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ বিৰোধীতা কৰি শপতনামা দাখিল কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ তেতিয়া মুখ্যন্যায়াধীশ টি এছ ঠাকুৰ আৰু ন্যায়াধীশ ইউ ইউ ললিতে নিৰঞ্জন ভাটৱালৰ আবেদন নাকচ কৰি কৈছিল-'দেশৰ প্ৰতিজন নাগৰিকৰে 'ইণ্ডিয়া' আৰু 'ভাৰত' দুয়োটা নাম ব্যৱহাৰ কৰাৰ অধিকাৰ আছে।' দেশৰ সংবিধানেও ১নং অনুচ্ছেদতে 'ভাৰত' আৰু 'ইণ্ডিয়া' দুয়োটা নামকে সাংবিধানিক স্বীকৃতি প্ৰদান কৰিছে। তাৰপাছত এনে তৎপৰতা ৰাজনৈতিক দৃষ্টিৰে দেশৰ ঐতিহ্য আৰু ইতিহাসৰ প্ৰেক্ষাপট টানি আনি আবেগ সৃষ্টি কৰা এই পৰিৱেশ সাধাৰণ লোকৰ বাবে এক ঝামেলা হৈ পৰিব।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মৰ্মুৱে জি-২০ সন্মিলনত অংশ ল’বলৈ অহা বিদেশী ৰাষ্ট্ৰৰ নেতাসকলৰ সন্মানৰ্থে আয়োজন কৰা নৈশভোজৰ আমন্ত্ৰণি পত্ৰত 'প্ৰেচিডেণ্ট অৱ ভাৰত' লিখাৰ পাছতেই দেশৰ নাম কেৱল 'ভাৰত' কৰাৰ বাবে মোডী চৰকাৰে পদক্ষেপ লোৱা বুলি চৰ্চা আৰম্ভ হ’ল।
সেই ধাৰণাৰ সত্যতা কিমান এয়া পৰৱৰ্তী সময়ত গম পোৱা যাব। বহু বিদেশী ৰাষ্টই তেওঁকলোকৰ নাম সলনি কৰিছে। ম্যানমাৰ,শ্ৰীলংকা,কম্বোডিয়া,ইৰান আদি তেনে ৰাষ্ট্ৰৰ উদাহৰণ।
এখন চহৰৰ নাম সলনি কৰিলেই হাজাৰ হাজাৰ কোটি টকা ধন ব্যয় হয়। ইতিমধ্যে হিচাপো হৈছে 'ইণ্ডিয়া' বাদ দি আমাৰ দেশৰ নাম 'ভাৰত' কৰিলে কিমান ধন ব্যয় হ’ব।
ধনৰ যোগাৰ বাৰু চৰকাৰে কৰিব। কিন্তু আন কিছু দিশো চৰকাৰে সূক্ষ্মভাৱে ভাবিব লগা আছে। যেনে-চৰকাৰী নথি-পত্ৰসমূহত থকা 'GOVT OF INDIA'ৰ সলনি লিখিব লাগিব 'Govt of Bharat'। 'ৰিজাৰ্ভ বেঙ্ক অৱ ইণ্ডিয়া' অৰ্থাৎ 'আৰ বি আই' হ’বগৈ 'আৰ বি বি'। প্ৰতিখন নোটত বৰ্তমান লিখা থাকে 'আৰ বি আই'। যদি সাংবিধানিকভাৱে ইণ্ডিয়াক চিৰ বিদায় জনোৱা হয় তেনে 'আৰ বি আই' লিখা থকা নোটবোৰৰ প্ৰচলন বন্ধ কৰি প্ৰচলিত সমগ্ৰ নোট নতুন কৰিব নালাগিব নে ?
এয়া বিমুদ্ৰাকৰণতকৈয়ো এক জটিল প্ৰক্ৰিয়া আৰু প্ৰত্যাহ্বান হ’ব চৰকাৰৰ বাবে। 'মেক ইন ইণ্ডিয়া' শ্ল’গান 'মেক ইন ভাৰত'লৈ সলনি কৰিব লাগিব। 'ইয়ে মেৰা ইণ্ডিয়া,আই লাভ মাই ইণ্ডিয়া'ৰ দৰে মানুহৰ মুখে মুখে প্ৰচলিত শ্ল’গানবোৰ একেদিনাই জানো মানুহৰ মুখৰ পৰা কাঢ়ি নিব পাৰিব ?
কিমান যে সলনি হ’ব নামবোৰৰ। আমি সদায় কৈ অহা 'অইল ইণ্ডিয়া লিমিটেড' চমুকৈ অইল হ’বগৈ 'অইল ভাৰত লিমিটেড'। 'টীম ইণ্ডিয়া'ৰ দৰে প্ৰচলিত শব্দ এৰাই চলিব লাগিব।
সকলো দিশতে পৰিৱৰ্তন আহিব নামত। ভাৰতৰ সমাজ প্ৰাচীন আৰু জটিলতাৰে আগবঢ়া। সভ্যতাৰ দিনৰ পৰা ই প্ৰায় ৫ হাজাৰৰো বেছি বছৰ অতিক্ৰম কৰিছে।
বিভিন্ন নৃ-গোষ্ঠীয় আৰু ভাষিক পৰিচয়ৰে বৈচিত্ৰ সৃষ্টি কৰি সম্বৃদ্ধ হৈছে। ভাৰতৰ এই অপূৰ্ব সভ্যতাৰ সিন্ধু উপত্যকাৰ সভ্যতাৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতলৈ আৰ্যসকল অহাৰ আগতেই আন বহু নৃ-গোষ্ঠীলোকৰ আগমন ঘটিছিল। সিন্ধু উপত্যকাৰ সভ্যতা মূলতঃ পাকিস্তানৰ সিন্ধু প্ৰদেশৰ অন্তৰ্গত মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সৈতে জড়িত।
খ্ৰীষ্টপূৰ্ব ২৫০০ত সূচনা হোৱা সভ্যতাই ২৩০০ খ্ৰীষ্টপূৰ্বত পূৰ্ণতা লাভ কৰিছিল। ইয়াৰ পতন আৰম্ভ হৈছিল ১৭০০ খ্ৰীষ্টপূৰ্বত। ভাৰত উপমহাদেশৰ পৰম্পৰাসমূহৰ আৰ্যকৰণৰ সময়ত যথেষ্ট সাংস্কৃতিক সংঘাত হৈছিল। সেই দিনবোৰ আছিল যুদ্ধৰে পূৰ্ণ।
উত্তৰ-পূবৰ মংগোলীয় গোটবোৰে আংশিক বা সম্পূৰ্ণৰূপে হিন্দু সমাজৰ সৈতে মিলি যাবলৈ চেষ্টা কৰিছিল। কোনো কোনোৱে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে।
সেই প্ৰক্ৰিয়া এতিয়াও উত্তৰ-পূবত শেষ হোৱা নাই। খ্ৰীষ্টান ধৰ্ম আৰু ইছলাম ধৰ্মৰ লোকসকলৰ ভাৰতত উপস্থিতিৰ ইতিহাস আছে। ধৰ্ম আৰু দৰ্শনৰ এই অগ্ৰাসন কোনোৱেই বাধা দিব পৰা নাছিল।
বেপাৰ-বাণিজ্যৰ যোগেদিয়েই তেওঁলোকৰ আগমন ঘটিছিল। দিল্লী বা আগ্ৰাত মুছলিম শাসকৰ শাসন চলিছিল কেইবা শতিকাজুৰি। ভাৰতৰ সৰু ৰাজ্যবোৰৰ মাজত হোৱা যুদ্ধই বিদেশী শত্ৰুক ৰঙা দলিছা পাৰি দিছিল। কিন্তু সেই সংঘাত সময়ৰ লগে লগে সমন্বয়লৈ সলনি হৈছিল।
অসমলৈ খ্ৰীষ্টান মিছনেৰীসকলৰ আগমন,ভাষা-সাহিত্যলৈ তেওঁলোকৰ অৱদানক আমি অস্বীকাৰ কৰিব পাৰিম নে ? মিছনেৰীসকলে প্ৰকাশ কৰাৰ বাবেই অৰুণোদইৰ ইতিহাসক মচি দিম নেকি চিৰকালৰ বাবে ?
কথাবোৰ জটিল। ৰাজনৈতিক প্ৰেক্ষাপটত এইবোৰৰ বিচাৰ আৰু ইতিহাসক নতুনকৈ লিখা প্ৰয়োজনীয়তা সকলো ক্ষেত্ৰতে থাকেনে ? আমাৰ লক্ষ্য কি হ’ব লাগিছিল স্বাধীনতাৰ ইমান বছৰ পিছতো দেশৰ পৰা দৰিদ্ৰতা আঁতৰ নহ’ল। দুবেলা দুমুঠিৰ বাবে মানুহৰ এতিয়াও হাহাকাৰ।
বিনামূলীয়া চাউল দি আমি বিকাশৰ সেই বাটেৰে কিমান দূৰ আগবাঢ়ি যাব পাৰিম ? এইবোৰ মৌলিক প্ৰশ্নৰ উত্তৰ নেতা বা শাসকসকলৰ হাতত নাই। তেওঁলোকক লাগে কেৱল চমক। যি চমকে ৰাজনৈতিক মুনাফা দিব পাৰে। দেশৰ নাম 'ভাৰত' কৰিলে তেওঁলোকৰ পক্ষত আবেগৰ ঢৌ বলিব। সেই আবেগৰ উৎস ক’ত,কেনেকৈ সৃষ্টি কৰিব লাগে প্ৰভাৱশালী শাসকসকলে ভালদৰে জানে।
সেই আবেগেৰে আমি পৰিচালিত হও। ৰাজনৈতিক বৈধ-অবৈধ খেলবোৰতো আপেক্ষিক। এতিয়া সাম্প্ৰদায়িক অস্ত্ৰ এনেদৰে ৰাজনীতিত ব্যৱহাৰ হ’ব ধৰিছে যে, আমি দেখি-শুনি একো ক’ব নোৱাৰাৰ অৱস্থা। মুখত ৰাষ্ট্ৰবাদৰ কথা। দেশৰ জনতাৰ কল্যাণ আৰু ঐতিহ্যৰ ৰক্ষাৰ কথা কৈ বিপক্ষক বধা এই নাটকবোৰ আমি হয়তো নীৰৱ দৰ্শক হৈয়ে এতিয়া চাই যাব লাগিব।
Also Read: সংবিধানে কি কয়?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us