/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8b4c4229-db2c-4d6d-9881-273e63257a0f/AP_FOR_WEB_rain.jpg)
সাৱধানঃ আগন্তুক ৪ দিনত ৰাজ্যৰ ২৯ খন জিলাত চলাব ধুমুহা বৰষুণে তাণ্ডৱ...
ডিজিটেল ডেস্কঃ যিসময়ত ৰাজ্যৰ কেইবাখনো জিলাত চলিত বৰ্ষৰ প্ৰথমটো বানে বিভীষিকাৰ সৃষ্টি কৰিছে তাৰ মাজতে ৰাজ্যৰ মুঠ ২৯ খন জিলালৈ আগন্তুক ৪ দিনৰ বাবে জাৰি কৰা হৈছে হাই এলাৰ্ট। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰ ই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি ১৫ জুনত ৰাজ্যৰ মুঠ ৫ খন জিলালৈ অৰেঞ্জ এলাৰ্ট আৰু ২৪ খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে।
১৬ জুনৰ দিনটোত ৪ খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ১৭ আৰু ১৮ জুনত কোনো এখন জিলাতে অৰেঞ্জ এলাৰ্ট নাই যদিও বহু কেইখন জিলাত আছে য়েল্ল' এলাৰ্ট। এই সময়ছোৱাত প্ৰৱল বৃষ্টিপাত, ধুমুহা অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই নিৰ্দেশনা সঠিক প্ৰমাণ কৰি ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলাতেই প্ৰৱল বৃষ্টিপাত আৰু ধুমুহাই তাণ্ডৱ আৰম্ভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ee237794-fdd1-47ba-bf7c-e37cd897e0fd/fcb6fc82_2ad0_4081_8b7f_9d2c9467da2b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a3380c81-909a-414b-ab5d-2a02d6efb01b/5dbbc745_c2be_4c64_b71f_72f27ac5d99a.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7e9cf630-6b7a-44c1-9238-c28b40fb0044/0af88471_473b_4a82_80b7_236b989d1ce7.jpg)
Also Read: জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ হত্যাকাৰীক গ্ৰেপ্তাৰ...