
ডিজিটেল ডেস্কঃ অৱশেষত জামিন লাভ কৰিলে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে । দুসপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰিছে ইমৰাণ খানে ।
শুকুৰবাৰে অল-কাদিৰ ন্যাস গোচৰত জামিন লাভ কৰিছে পাকিস্তানৰ প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে ।মঙলবাৰে ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰাই বলপূৰ্বক ভাবে গ্ৰেপ্তাৰ কৰি গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ।
প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ পিছতেই দেশখনত অস্থিৰতাই বিৰাজ কৰিছিল । এইদৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ ঘটনাক পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বেআইনী ঘোষণা কৰিছিল ।
দেশখনৰ একাংশ সংবাদ মাধ্যমে ইমাৰাণ খানৰ গ্ৰেপ্তাৰৰ দিনটোক পাকিস্তানৰ বাবে 'ক'লা অধ্যায়' হিচাপে অভিহিত কৰিছিল ।