ব্যক্তিগত খণ্ডত কোচিং কৰা শিক্ষাৰ্থীক স্কুটী বিতৰণ

প্ৰথম পৰ্যায়ত স্কুটী বিতৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত কোচিং কৰা শিক্ষাৰ্থীক স্কুটী নিদিয়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তৰ পাছত মুখ্যমন্ত্ৰীলৈ একাংশ শিক্ষাৰ্থীয়ে স্কুটী প্ৰদানৰ বাবে দাবী জনাই অহাত কোচিং কৰা শিক্ষাৰ্থীকো স্কুটী দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে

author-image
Asomiya Pratidin
New Update
স্কুটী বিতৰণ

স্কুটী বিতৰণ

ডিজিটেল সংবাদ, মানকাচৰ: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মুঠ ৪০ গৰাকী হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ মেধাবী শিক্ষাৰ্থীক শনিবাৰে নতুনকৈ স্কুটী বিতৰণ কৰা হয়। চৰকাৰে প্ৰথম পৰ্যায়ত স্কুটী বিতৰণৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত কোচিং কৰা শিক্ষাৰ্থীক স্কুটী নিদিয়াৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্তৰ পাছত মুখ্যমন্ত্ৰীলৈ একাংশ শিক্ষাৰ্থীয়ে স্কুটী প্ৰদানৰ বাবে দাবী জনাই অহাত টুইটাৰযোগে কোচিং কৰা শিক্ষাৰ্থীকো স্কুটী দিয়াৰ ঘোষণা দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফলস্বৰূপে কোচিং কৰা শিক্ষাৰ্থীক স্কুটী বিতৰণৰ কাৰ্যসূচী চৰকাৰে অনুষ্ঠিত কৰি আহিছে। শনিবাৰে মানকাচৰৰ ৪০ গৰাকী বাদ পৰা কোচিং শিক্ষাৰ্থীক স্কুটী বিতৰণ কৰাত শিক্ষাৰ্থী সকলৰ লগতে অভিভাৱক সকলো উৎফল্লিত হৈ পৰিছে। 
   

scooty himanta biswa sama scooty distribution Dr. Himanta Biswa Sarma cm himanta biswa sarma