সৰুপথাৰত মিছন বসুন্ধৰাৰ অধীনত দুই সহস্ৰাধিকক ভূমি পট্টা বিতৰণ

অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত মিছন বসুন্ধৰা আঁচনিখনক ৰাজ্যখনৰ শ্ৰেষ্ঠ আঁচনি বুলি অভিহিত কৰে

author-image
Asomiya Pratidin
New Update
সৰুপথাৰত মিছন বসুন্ধৰাৰ অধীনত দুই সহস্ৰাধিকক ভূমি পট্টা বিতৰণ

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শুকুবাৰে ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰতো দুই সহস্ৰাধিক লোকক ভূমি পট্টা প্ৰদান কৰা হয়। অসম চৰকাৰৰ বিত্ত,মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত ২০১৭ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা হয়।

Advertisment

মহকুমাটোৰ সৰুপথাৰস্থিত ৰামধেনু মুকলি মঞ্চত আয়োজিত এক অনুষ্ঠানত সৰুপথাৰ ৰাজচক্ৰৰ অধীনৰ বৰপথাৰ, নাওজান, চুঙাজান, উৰিয়ামঘাট, গেলাবিল আৰু বিলগাঁৱৰ ২০১৭ টা ভূমিহীন পৰিয়ালক মন্ত্ৰী নেওগে মাটিৰ পট্টা প্ৰদান কৰে। উক্ত অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত মিছন বসুন্ধৰা আঁচনিখনক ৰাজ্যখনৰ শ্ৰেষ্ঠ আঁচনি বুলি অভিহিত কৰে।

তেওঁ লগতে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে আঁচনিখনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কথাও উল্লেখ কৰে। তেওঁৰ মতে তিনি প্ৰজন্ম বসবাস কৰা উক্ত জনগোষ্ঠীটোৰ লোকক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা হ'ব।

আজিৰ অনুষ্ঠানটিত মন্ত্ৰীগৰাকীৰ লগতে সৰুপথাৰ উপ জিলাৰ উপ আয়ুক্ত শ্ৰেয়াস সিংহাল, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, পৌৰসভাৰ পৌৰপতি ঊষা আগৰৱালাৰ লগতে কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে।

Also Read: কঠীয়াতলীত আৰ ডি মটৰৰ্চৰ শিশুৰ খেলৰ সামগ্ৰী প্ৰদান

uriyamghat Mission Basundhara 2.0 ajanta neog