/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/c138af5e-b2d8-4df4-b4ed-40acc8533f9d/kitap.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ কঠীয়াতলী শিক্ষা খণ্ডত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণী অনুষ্ঠান। দেওবাৰে কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত ২৭৯ খন প্ৰাথমিক, ৬৯ খন উচ্চ প্ৰাথমিক, ৩০ খন সংলগ্ন বিদ্যালয় আৰু ১২ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে প্ৰেৰণ কৰা ২৩ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভণী কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
এই কাৰ্যসূচীত ৬ টা মণ্ডল সমল কেন্দ্ৰৰ ৮ খন বিদ্যালয়ত পাঠ্যপুথি বিতৰণ কৰা হয়। শুভাৰম্ভণী সভাত সভাপতিত্ব কৰে অৱসৰ প্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে খণ্ড সমল ব্যক্তি ৰতন দাসে।
আনহাতে, সভাৰ আঁত ধৰে সামূহিক শিক্ষা বিভাগৰ সমল ব্যক্তি কৃষ্ণা কুৰ্মীয়ে।সভাত কঠীয়াতলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া নিৰু বৰাৰ আমন্ত্ৰণ ৰক্ষা কৰি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰা, নগাঁও মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰফুল্ল বৰা, কঠীয়াতলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰজ্যোতি বৰুৱা, বিষ্ণু দাস,শ্ৰীমন্ত পাটৰ,প্ৰশান্ত নাথ, মইদুল ইছলাম, বিকাশ বৰা,অনিৰুদ্ধ কুৰ্মীৰ লগতে খণ্ডটোৰ চি আৰ,চি চি আৰু প্ৰধান শিক্ষকসকল উপস্থিত থাকে বুলি জানিবলৈ দিয়ে।
Also Read: একেই দিনাই ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ ফাইনেলত দুই অসম কন্যা লাভলীনা-জিণ্টিমণি