একেই দিনাই ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ ফাইনেলত দুই অসম কন্যা লাভলীনা-জিণ্টিমণি

জয়ী হ'লেই লাভ কৰিব স্বৰ্ণপদক। অসমৰ আকাশত সৃষ্টি হ'ব পাৰে অকাল দিপাৱলীৰ
একেই দিনাই ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ ফাইনেলত দুই অসম কন্যা লাভলীনা-জিণ্টিমণি

ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আকাশত জিলিকিব অসমৰ দুটি তৰা। লাভলীনা আৰু জিণ্টিমণি কলিতা। সততে এনে দৃশ্য বিৰল। সন্ধিয়া ৬ বজাত বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰতিদ্বন্দ্বীতা আগবঢ়াব অসম তনয়া লাভলীনা বৰগোহাঁইয়ে।

অন্যহাতে, মহিলা আই পি এলৰ দিল্লী কেপিটেলছৰ বিপক্ষে চূড়ান্ত মেচত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰিব অসম মাতৃৰ আন এগৰাকী কন্যা জিণ্টিমণিয়ে। এখন ৰাজ্যৰ বাবে ইয়াতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে !

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আকাশত লাভলীনা-জিণ্টিমণিৰ ৰূপত উজলিব দুটি তৰা। সন্ধিয়া ৭-৩০ বজাত আৰম্ভ হ'ব মহিলা আই পি এলৰ প্ৰথম সংস্কৰণৰ চূড়ান্ত মেচখন। প্ৰতিপক্ষ দিল্লী কেপিটেলছৰ বিৰুদ্ধে ইতিমধ্যে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত ৰণকৌশল প্ৰস্তুত হৈছে। যেন এখন যুদ্ধৰ প্ৰস্তুতি। ঢাল-তৰোৱাললৈ সাজু মুম্বাইৰ প্ৰতিগৰাকী খেলুৱৈ।

তাৰমাজতে মুম্বাইৰ অলৰাউণ্ডাৰ তথা অসম তনয়া জিণ্টিমণিয়ে বিশেষ চৰ্চা লাভ কৰিছে। বিগত মেচসমূহৰ প্ৰদৰ্শনৰ উপৰিও এখন মেচত যি অসাধ্য কেচ ধৰি প্ৰতিপক্ষৰ বেটাৰক পেভিলিয়নৰ বাট দেখুৱাই দিছিল সেই চৰ্চা বৰ্তমানেও অৱ্যহত আছে।

সামাজিক মাধ্যমত দেখা অনুসৰি জিণ্টিমণি মুম্বাই ইণ্ডিয়ানছৰ এগৰাকী অতিকৈ গুৰুত্বপূৰ্ণ খেলুৱৈৰ উপৰিও দলৰ আন প্ৰতিগৰাকী খেলুৱৈৰ মাজতো বেচ জনপ্ৰিয়। আনহাতে, পোন প্ৰথমবাৰৰ বাবে স্বৰ্ণপদকৰ দুৱাৰডলিত উপস্থিত হৈছেহি লাভলীনা বৰগোহাঁই। বিশ্ব চেম্পিনশ্বিপত দুবাৰ আৰু টকিঅ' অলিম্পিকত এবাৰ মুঠ তিনিবাৰকৈ ছেমি ফাইনেলতে যাত্ৰা শেষ কৰিছিল লাভলীনাই।

চলিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্ৰতিপক্ষৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন অসম কন্যা লাভলীনাৰ। এইবাৰ যেন তেওঁ অনন্য ৰূপত উজলি উঠিছে। বিগত তিনিখন মেচৰ ফলাফলেই তাৰ প্ৰমাণ। সেয়ে তাৰ সুবাদতে অসম কন্যাগৰাকী উপস্থিত হৈছে বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফইনেলত।

আজিৰ এই ফাইনেল মেচখনত তেওঁ অষ্ট্ৰেলিয়াৰ পাৰ্কাৰ কাটলিন এনীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বীতা আগবঢ়াব। জয়ী হ'লেই লাভ কৰিব স্বৰ্ণপদক। অসমৰ আকাশত সৃষ্টি হ'ব পাৰে অকাল দিপাৱলীৰ।

উল্লেখ্য যে, ২০১৮ আৰু ২০২২বৰ্ষৰ কমনৱেলথ গেমছত লাভলীনাই লাভ কৰিছিল ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক। এইবাৰ যেন লাভলীনা স্বৰ্ণ লাভৰ সুৱৰ্ণ সুযোগ হেৰুওৱাৰ পক্ষপাতী নহয়। অপেক্ষা সময়লৈ,সময় সমাগত ।

একেই দিনাই ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ ফাইনেলত দুই অসম কন্যা লাভলীনা-জিণ্টিমণি
স্বৰ্ণ জয়ৰ দুৱাৰডলিত লাভলীনা : বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত অসম কন্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in