মুছলপুৰত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ চেক বিতৰণ

বিতৰণ কৰে অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই

author-image
Asomiya Pratidin
New Update
মুছলপুৰত মুখ্যমন্ত্ৰী সাহাৰ্য পূজিৰ চেক বিতৰণ

ডিজিটেল সংবাদ,বাক্সাঃ মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰৰ ওচৰত থকা বৰিমুখত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ চেক প্ৰদান কাৰ্যসূচী । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসমৰ কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই ।

তেওঁ চেক প্ৰদান কৰি এই চেক ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে আৰু ৰুগীয়া লোকক কিঞ্চিত সহায় কৰাৰ বাবে সাহাৰ্য হিচাপে দিয়া হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে বৰ্তমানৰ চৰকাৰে দল চাই অনুদান দিয়া নাই, প্ৰকৃত হিতাধীকাৰীকহে সাহাৰ্য দিয়া হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি পূৰ্বৰ চৰকাৰে কেনেদৰে হিতাধিকাৰী বাচনি কৰিছিল সেই বিষয়ে জ্ঞাত নহয় বুলি কয় ৷

লগতে এই চেক প্ৰদান কাৰ্যসূচী চৰকাৰৰ ৫বছৰীয়া কাৰ্যকালত দি থকা হৈছে আৰু অনাগত দিনতো দিয়া হ'ব বুলি মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই জানিবলৈ দিয়ে।

আৰু পঢ়কঃ অসম গোৰ্খা সন্মিলন, গোলাঘাট জিলা সমিতিৰ ৰূপালী জয়ন্তী সমাৰোহ

Chief Minister's Relief Fund assam govt