অসম গোৰ্খা সন্মিলন, গোলাঘাট জিলা সমিতিৰ ৰূপালী জয়ন্তী সমাৰোহ

অসম গোৰ্খা সন্মিলন, গোলাঘাট জিলা সমিতিৰ ৰূপালী জয়ন্তী সমাৰোহ

ডিজিটেল সংবাদ, নুমলীগড়ঃ "অসমত যুগে যুগে বসবাস কৰি অহা গোৰ্খাসকলৰ এক সুকীয়া পৰিচয় আছে ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে জাতি ৰক্ষাৰ ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীটোৱে বিশেষ দায়বদ্ধতাৰে কাম কৰি গৈছে ৷

অতীজৰে পৰা অসমী আইৰ সেৱাত ব্ৰতী গোৰ্খা জনগোষ্ঠীৰ ইতিহাসৰ অবিহনে অসমৰ ইতিহাস কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে ৷" এই মন্তব্য গোৰ্খা ভাৰতী চিন্তন মঞ্চৰ অধ্যক্ষ চি কে শ্ৰেষ্ঠৰ ৷

সুদূৰ দাৰ্জিলিঙৰ পৰা আহি অসম গোৰ্খা সন্মিলন, গোলাঘাট জিলা সমিতিৰ সপ্তম ত্ৰি-বাৰ্ষিক অধিৱেশন তথা ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা বিশিষ্ট চিন্তাবিদ গৰাকীয়ে লগতে কয় যে বিভিন্ন সময়ত চৰকাৰে ৰাজনৈতিক পাকচক্ৰত পেলাই জাতীয় ঐক্যক খণ্ড-বিখণ্ড কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা চলায় ৷ এই ক্ষেত্ৰত, গোৰ্খাসকলেও বিভিন্ন সময়ত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ব লগা হৈছে; সেয়েহে প্ৰতিজনেই সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলিও তেওঁ মন্তব্য কৰে ৷

উৰিয়ামঘাটৰ শান্তিপুৰস্থিত গোৰ্খা সামূহিক ভৱন প্ৰাংগণত শনি আৰু দেওবাৰে দুই দিৱসীয় বণাৰ্ঢ্য কাৰ্যসূচীৰে সম্পন্ন সমাৰোহৰ জিলা গোৰ্খা সন্মিলনৰ সভাপতি কাজিৰাম বিষ্টৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়ায় ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনচেংফা বৰুৱাই ৷ তেওঁ ভাষণ প্ৰসংগত শান্তিপ্ৰিয় জাতি হিচাপে গোৰ্খাসকলক পায় বুলি উল্লেখ কৰাৰ লগতে গোৰ্খা জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰতিটো দিশৰে প্ৰশংসা কৰে ৷

সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জয় চুতাৰে আগবঢ়ায় ৷ তেওঁ গোৰ্খা সন্মিলনৰ ঐতিহাসিক পটভূমিৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক সময়ত জনগোষ্ঠীটোৰ হকে গোৰ্খা সন্মিলনে চলাই যোৱা সংগ্ৰামৰ বিস্তৃত ব্যাখ্যা দাঙি ধৰে ৷

সভাত মুখ্য অতিথিৰূপে উপস্থিত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৃষ্ণ ভূজেলে ভাষণ প্ৰসংগত কয় যে গোৰ্খা সন্মিলনে অসমীয়া গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত-মাতি আহিছে আৰু ইতিমধ্যে কিছু পৰিমাণে সফলতাও লাভ কৰিছে ৷ সম্প্ৰতি ভূমি সংক্ৰান্তীয় সমস্যাৰ ক্ষেত্ৰত সংগঠনে বিশেষ গুৰুত্ব প্ৰদান কৰি সংগ্ৰাম আগবঢ়াই গৈছে বুলিও ভূজেলে মন্তব্য প্ৰকাশ কৰে ৷ সভাত উদ্‌যাপন সমিতিৰ সভাপতি দিল বাহাদুৰ লিম্বুৱে আদৰণি ভাষণ আগবঢ়ায় ৷ একেদৰে, সভাত ক্ৰমে গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু শ্ৰেষ্ঠ, গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰোশন ৰাজ ছেত্ৰী, সম্পাদক ৰাজেন ছেত্ৰী, সঞ্জীৱ দাহাল, অসম নেপালী সাহিত্য সভাৰ উপ-সভাপতি তিলক শৰ্মা, সম্পাদক পুষ্পৰাজ নেৱাৰ, গোৰ্খা স্বায়ত্ত শাসিত পৰিষদ দাবী সমিতিৰ উপ-সভাপতি ভীম ৰাই, ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক নন্দ কিৰাতী দেৱান, আগ্‌ছু গোলাঘাট জিলা সমিতিৰ সভাপতি ৰাজা অধিকাৰী, নেপালী সাহিত্য সভা, গোলাঘাট জিলা সমিতিৰ সভাপতি গোপাল শ্ৰেষ্ঠ, গোৰ্খা সন্মিলন পশ্চিম গোলাঘাটৰ সভাপতি ৰাজু বাহাদুৰ ছেত্ৰীকে আদি কৰি বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ৷

উল্লেখ্য যে গোলাঘাট জিলা গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক ৰাজু খনালে আঁত ধৰা মুকলি সভাত গোৰ্খা সকলৰ ঐতিহাসিক পটভূমিৰ আধাৰত গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ মন্টু কুমাৰ বৰঠাকুৰ তথা দীপামণি কোচ ভৰালীক ‘গোৰ্খা হিতৈশী সন্মান’ আগবঢ়োৱা হয়৷ তদুপৰি, জৈৱিক কৃষি পদ্ধতিৰে কৃষি-কৰ্মত বিশেষ পাৰদৰ্শিতা দেখুৱাই গোলাঘাটৰ লগতে অসমৰ হৈ ৰাষ্ট্ৰীয় পযাৰ্য়ত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা আদৰ্শ কৃষক, গোৰ্খা জনগোষ্ঠীয় সন্তান অঞ্জল লিম্বুক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

ইয়াৰ পিচতে সভাত ভাৰতীয় গোৰ্খা পৰিসংঘৰ ৰাজ্যিক প্ৰাক্তন সভাপতি ললিত চুব্বাই ডম্বৰু বাহাদুৰ লিম্বুৰ সম্পাদিত স্মৃতিগ্ৰন্থ ‘ছাপ’ৰ উন্মোচন কৰে৷ সভাতে অসম গোৰ্খা সন্মিলনৰ বাৰ্ষিক ‘কেলেণ্ডাৰ’খনো চি কে শ্ৰেষ্ঠই উন্মোচন কৰে৷ ইপিনে, পুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ বিহু, গোৰ্খা, বড়ো, ঝুমুৰ, জিকিৰ, নগাকে আদি কৰি সাংস্কৃতিক দলসমূহৰ অংশগ্ৰহণেৰে শান্তিপুৰৰ পৰা উৰিয়ামঘাটৰ ফ’ৰেষ্ট গেট তিনিআলিলৈকে শোভাযাত্ৰা কৰি সংস্কৃতিৰ সুৱাস বিলোৱা হয় ৷

আনহাতে, প্ৰথম দিনা পুৱা অধিৱেশনস্থলীৰ মুখ্যদ্বাৰ ডেফ’ডিল ইৰাজী বিদ্যালয়ৰ অধ্যক্ষ তৰুণ লুংগেলীয়ে উদ্‌ঘাটন কৰে৷ ইয়াৰ পিচতে জিলা গোৰ্খা সন্মিলনৰ সভাপতি কাজিৰাম বিষ্টসহ মুঠ ২৭খনকৈ পতাকা জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে উত্তোলন কৰে ৷ স্মৃতি-তৰ্পন কৰে জিলা গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক ৰাজু খনালে ৷

বৃক্ষ ৰোপণ ক্ৰমে উৰিয়ামঘাট বন শিবিৰৰ ভাৰপ্ৰাপ্ত বিষয়া মুনিন নাথ, চকব’ৰ্ড ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ আচমান লিম্বু, বিশিষ্ট সমাজকৰ্মী গোপেন্দ্ৰ পিঠাক’টে, ধন বাহাদুৰ আলে আৰু ইন্দ্ৰ দৰ্ণালে কৰে৷ স্বেচ্চাসেৱীৰ শিৱিৰ সমাজকৰ্মী বীন বাহাদুৰ ৰানাই উদ্‌ঘাটন কৰে ৷ প্ৰতিনিধি শিৱিৰ আৰু প্ৰতিনিধি সভা ক্ৰমে ৰাজ মেম’ৰিয়েল ইংৰাজী বিদ্যালয়ৰ অধ্যক্ষ ৰাজেন বিশ্ব তথা গোলাঘাট জিলা গোৰ্খা সন্মিলনৰ প্ৰাক্তন সভাপতি বিশ্বনাথ ছেত্ৰীয়ে মুকলি কৰে ৷

ইপিনে, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কবিতা আবৃতি, কুইজ, আকস্মিক বক্তৃতা, চিত্ৰাংকন আদি প্ৰতিযোগিতাৰ গোলাঘাট জিলা অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মেঘনাথ শমাৰ্ই উদ্বোধন কৰে ৷ ইয়াৰ পিচতে নাগালেণ্ডৰ অৱসৰপ্ৰাপ্ত সহকাৰী অভিযন্তা টি টি ভুটীয়াই উদ্‌ঘাটন কৰা প্ৰাক্তন সৈনিক অভিবাদন অনুষ্ঠানৰ সঞ্চালনা ক্ৰমে ধন প্ৰসাদ লিম্বু আৰু এম কুমাৰ ছেত্ৰীয়ে কৰে ৷

গোলাঘাট জিলা গোৰ্খা সন্মিলনৰ প্ৰাক্তন কৰ্মকৰ্তাসকলৰ ‘ৰমাইলো ভেটঘাট অনুষ্ঠান’ৰ নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চেৰ বাহাদুৰ ছেত্ৰীয়ে উদ্‌ঘাটন কৰাৰ লগতে অনুষ্ঠানৰ সঞ্চালনা কৰে নাওজান উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপাল উপাধ্যায়ে ৷ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানৰ উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ বৰবৰুৱাই উদ্বোধন কৰে ৷

উল্লেখ্য যে সন্ধিয়া অনুষ্ঠিত প্ৰতিনিধি সভাই ৰাজু খনালক সভাপতি, মুন প্ৰধানক কাৰ্যকৰী সভাপতি আৰু কৃষ্ণ প্ৰসাদ থাপাক সাধাৰণ সম্পাদকৰূপে লৈ অসম গোৰ্খা সন্মিলন, গোলাঘাট জিলাৰ এখনি নতুন সমিতি গঠন কৰে ৷ উল্লেখ্য যে গোৰ্খা জনগোষ্ঠীয় সাজ-পাৰ, খাদ্য-সম্ভাৰ, গীত-নৃত্যকে আদি কৰি সম্পূৰ্ণ সংস্কৃতিৰে এক প্ৰতিফলন এই অনুষ্ঠানৰ মাজেৰে দেখা যায় ৷

দুদিনত দুই লক্ষ্যাধিক লোকৰ সমাৱেশ ঘটা অনুষ্ঠানৰ যোগেদি জাতীয় ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ যত্ন কৰা হৈছে বুলি গোলাঘাট জিলা গোৰ্খা সন্মিলনৰ সভাপতি-সম্পাদক ক্ৰমে কাজিৰাম বিষ্ট আৰু ৰাজু খনালে মন্তব্য প্ৰকাশ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in