/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/afa718ef-5bdf-455e-92e3-0e6670672a82/mou.jpg)
মৌ বীজ বিতৰণ
ডিজিটেল সংবাদ, তামুলপুৰঃ সোমবাৰে ভাৰত চৰকাৰৰ লঘু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ মনোজ কুমাৰৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
সভাখনিত ৫০ গৰাকী প্ৰশিক্ষণ প্ৰাপ্ত মৌ পালকৰ মাজত মৌ বাকচৰ বীজ বিতৰণ কৰা হয়। অধ্যক্ষ গৰাকীয়ে সভাত অংশ লৈ অসমত মৌ পালনত কি কাৰণত গুৰুত্ব আৰোপ কৰিব লাগে সেই সন্দৰ্ভত নিজৰ বক্তব্য ৰাখে ৷
লগতে খাদী গ্ৰমোদ্যোগ আয়োগৰ অধ্যক্ষগৰাকীয়ে কয় যে খাদী আমাৰ মান আমাৰ সন্মান ৷ উৎকৃষ্ট পেকেজিং আৰু মাৰ্কেটিংৰ চিন্তা কৰা হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ নিৱন নিৱনুৱা যুৱক-যুৱতীসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত সুযোগ প্ৰদান কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dd5ad195-1b36-47cb-8c86-55b95bdbcf52/5a27295d_0902_4d9c_b38b_55d4eb3c5a20.jpg)
খাদী মাধ্যমৰ জৰিয়তে পি এম জি পিৰ জৰিয়তে ঋণ দান কৰি কৰ্মসংস্থাপনৰ দিহা কৰিবলৈ ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে যুৱক-যুৱতী সকলক আহ্বান জনায় অধ্যক্ষ গকাকীয়ে ৷
আজিৰ এই অনুষ্ঠানটোত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, KVICৰ ডেপুটি C.E.O এছ এছ ছীল, KVIC গুৱাহাটীৰ সঞ্চালক অমনদ্বীপ, সহকাৰী সঞ্চালক বি কে সিঙ প্ৰমুখ্যে খাদী গ্ৰামদ্যোগ বিদ্যালয়ৰ বিষয়ববীয়া আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ কৰ্মীবৃন্দ উপস্থিত থাকে।
উল্লেখ যোগ্য যে গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই ভাৰত চৰকাৰৰ খাদী গ্ৰামোদ্যোগ আয়োগে অসম তথা উত্তৰ পূৱত মৌ পালনত অধিক গুৰুত্ব প্ৰদান কৰিছে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/4371e74c-c2f7-4c9f-a1ff-91970b2784fd/d91e87db_d0be_4342_8059_87095bbf516f.jpg)
Also Read: শিশুৰ গুপ্তাংগত আঘাতৰ চিন, দেহত ইস্ত্ৰি, গৰম পানী ঢলাৰ দাগ স্পষ্ট! চিকিৎসক দম্পত্তীৰ ন ন তথ্য পোহৰলৈ