ৰামদিয়াৰ পোৰাভিঠা সত্ৰত ৬ লাখ লাড়ু বিতৰণ...

ৰামদিয়াৰ পোৰাভিঠা সত্ৰত ৬ লাখ লাড়ু বিতৰণ

author-image
Asomiya Pratidin
New Update
ৰামদিয়াৰ পোৰাভিঠা সত্ৰত ৬ লাখ লাড়ু বিতৰণ...

ডিজিটেল সংবাদ,হাজো : হাজোৰ ঐতিহ্যমণ্ডিত পোৰাভিঠা সত্ৰত শ্ৰীশ্ৰী দেৱ দামোদৰদেৱৰ ৪২৬ তম তিৰোভাৱ তিথি উদযাপন কৰা হয়। ৪০০বছৰ পুৰণি ঐতিহাসিক পোৰাভিঠা সত্ৰত দামোদৰদেৱ তিথি উপলক্ষে ভক্তৰ লানি নিছিগা সোত বয়।

Advertisment

উক্ত অনুষ্ঠানত ভক্তৰ মাজত ৬ লাখ ৫০ হাজাৰ লাড়ু বিতৰণ কৰা হয়। উল্লেখযোগ্য় যে দামোদৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৮৭৫০ জন ভক্তই আগবঢ়োৱা ২৩৭ কুইণ্টল চাউল ১০০ কুইন্টল গুড়ৰে বনোৱা লাখ-লাখ লাড়ু ভক্তসকলৰ মাজত বিতৰণ কৰে ।

আনহাতে মনোবাঞ্চা সিদ্ধিৰ বাবে পোৰাভিঠা সত্ৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ৫০ হাজাৰ ভক্তই সেৱা লয়। পুৱাৰে পৰা আবেলিলৈ পোৰাভিঠা সত্ৰত সেৱা ল'বলৈ ভক্তই হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়।

hajo Ramdia