প্ৰশ্ন আছিল অসম চুক্তি ৰূপায়ণৰঃ মন্ত্ৰীয়ে ক'লে ভোটৰ মুখত ৰাম নাম...

প্ৰশ্ন আছিল অসম চুক্তি ৰূপায়ণৰঃ মন্ত্ৰীয়ে ক'লে ভোটৰ মুখত ৰাম নাম...

ডিজিটেল ডেস্কঃ পুনৰ অসম চুক্তিৰ প্ৰসংগৰে উত্তাল হ'ল অসম বিধানসভা। আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনটোত অসম চুক্তিৰ ৫ নং আৰু ৬নং দফাক কেন্দ্ৰ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰা এটা প্ৰশ্নৰ পাছতে উত্তাল হৈ পৰে সদন।

বিভাগীয় মন্ত্ৰী অতুল বৰাৰ উত্তৰত খৰ্গহস্ত হৈ পৰে কংগ্ৰেছৰ বিধায়ক। ত্যাগ কৰে সদন। আজি বিধায়ক শইকীয়াৰ প্ৰশ্ন আছিল- অসম চুক্তিক লৈ বৰ্তমানৰ চৰকাৰে কি কৰিছে?

তেওঁ প্ৰশ্ন কৰে, অসম চুক্তিৰ ৫নং আৰু ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে কি কি পদক্ষেপ লৈছে? বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ বাবে অসম চুক্তি অনুসৰি গ্ৰহণ কৰা সময়সীমা পৰিৱৰ্তন কৰা হৈছে নেকি? ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া সমিতিৰ পৰামৰ্শৱলী কেতিয়া ৰূপায়ণ কৰিব?

এই প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই পোনপটিয়া উত্তৰ দিয়াৰ বিপৰীতে কংগ্ৰেছকহে দোষাৰোপ কৰি কংগ্ৰেছৰ দিনতে স্বাক্ষৰিত হোৱা চুক্তিখন কংগ্ৰেছে ৰূপায়ণ নকৰিলে বুলি উল্লেখ কৰে। ফলত খৰ্গহস্ত হৈ পৰে কংগ্ৰেছৰ বিধায়কসকল।

তেওঁলোকে বৰ্তমানৰ চৰকাৰে কি পদক্ষেপ হাতত লৈছে বুলি পুনৰ প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী অতুল বৰাই ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰি দিয়া সমিতিৰ প্ৰতিবেদন পৰ্যালোচনা কৰি থকাৰ কথা উল্লেখ কৰে।

ইফালে অসম গণ পৰিষদে দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পাছত যোৱা ৭ বছৰে চৰকাৰৰ লগত থাকি অসম চুক্তি ৰূপায়ণৰ বাবে কি পদক্ষেপ লৈছে বুলি কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰশ্ন কৰাত অতুল বৰাই ক'লে- কংগ্ৰেছে অসম চুক্তিৰ কথা ক'লে ভোটৰ মুখত ৰাম নাম যেন লাগে।

মন্ত্ৰী বৰাৰ এই মন্তব্যৰ পাছতে উত্তাল হৈ পৰে সদন। আসনৰ পৰা উঠি কংগ্ৰেছ বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰশ্নকালীন ঘণ্টাৰ বাবে সদন ত্যাগ কৰে।

প্ৰশ্ন আছিল অসম চুক্তি ৰূপায়ণৰঃ মন্ত্ৰীয়ে ক'লে ভোটৰ মুখত ৰাম নাম...
লোকসভাৰ ছেমি ফাইনেলঃ ২০২৩ ত ৮৬৪ টা বিধানসভা সমষ্টিত নিৰ্বাচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in