ভিলেজ ৰকষ্টাৰ পাৰ্ট ২ নিৰ্মাণৰ প্ৰাকমুহূৰ্তত গুৰুজনাৰ আশীৰ্বাদ বিচাৰি বটদ্ৰৱাত উপস্থিত ৰীমা দাস...

author-image
Asomiya Pratidin
New Update
ভিলেজ ৰকষ্টাৰ পাৰ্ট ২ নিৰ্মাণৰ প্ৰাকমুহূৰ্তত গুৰুজনাৰ আশীৰ্বাদ বিচাৰি বটদ্ৰৱাত উপস্থিত ৰীমা দাস...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৯১ সংখ্যক একাডেমী বঁটাৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ বাবে আনুষ্ঠানিকভাৱে প্ৰৱেশ লাভ কৰা, ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ৰজত কমল বঁটা লাভ কৰা' ভিলেজ ৰকষ্টাৰ' চলচ্চিত্ৰৰ নিৰ্মাতা ৰীমা দাস আজি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হয়। দেশী বিদেশী কেইবাটাও বঁটাৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা এই ভিলেজ ৰকষ্টাৰৰ ছিকুৱেল তথা পাৰ্ট ২ নিৰ্মাণ হ'ব।

Advertisment

ভিলেজ ৰকষ্টাৰ পাৰ্ট ২ নিৰ্মাণৰ প্ৰাকমুহূৰ্তত গুৰুজনাৰ আশীৰ্বাদ বিচাৰি বটদ্ৰৱাত উপস্থিত হয় ৰীমা দাস। প্ৰতিদিনৰ সাংবাদিকৰ আগত তেওঁ নতুন পৰিকল্পনাৰে আৰম্ভ কৰা ভিলেজ ৰকষ্টাৰৰ ছিকুৱেল তথা পাৰ্ট ২ত "আগৰ প্ৰধান চৰিত্ৰ সমূহ থকাৰ লগতে নতুন মুখ দেখা যাব। ভিলেজ ৰকষ্টাৰৰ মাক আৰু জীয়েকৰ যি সম্বন্ধ আছিল সেই সম্বন্ধ পুনৰ প্ৰতিফল হব।

পাৰ্ট ২ত আগৰ ছবিৰ নায়িকা ধুনুক ডাঙৰ ছোৱালী ৰূপত দেখা পাব", আদি নতুন বিষয়, নতুন চৰিত্ৰ আৰু কাহিনী অন্তৰ্ভুক্ত হব সেই বিষয়ে জনোৱাৰ লগতে আগন্তুক দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন শৈলী, জীৱন দৰ্শনক লৈ ছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা বিষয়ে সদৰি কৰে।

আৰু পঢ়ক : জামুগুৰিহাটত দিব্যাংগতা মূল্যায়ন শিবিৰ

Batadrawa reema das