ইউ পি এছ চিত সুখ্যাতিৰে উত্তীৰ্ণ মানসজ্যোতি দাসক নামৰূপত বিপুল সম্বৰ্ধনা...

"Globalizationৰ যুগত ঘৰত থাকিয়েই সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি"- মানসজ্যোতি দাস।
ইউ পি এছ চিত সুখ্যাতিৰে উত্তীৰ্ণ মানসজ্যোতি দাসক নামৰূপত বিপুল সম্বৰ্ধনা...

ডিজিটেল সংবাদ, নামৰূপ : ভাৰতীয় লোক সেৱা আয়োগৰ পৰীক্ষাত ৮৮১ স্থান দখল কৰা নামৰূপৰ সু-সন্তান মানসজ্যোতি দাসক নামৰূপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দেওবাৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বি ভি এফ চি এল আছু গোটৰ উদ্যোগত বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত নামৰূপ, নাহৰকটীয়াৰ ১৬ টা সংগঠন তথা অনুষ্ঠানে সম্বৰ্ধনা জনায়।

নামৰূপ আছুৰ সভাপতি অসীমজ্যোতি ফুকনে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি মানসজ্যোতি দাসে কয় যে, "প্ৰথমে নামৰূপত এনে বিষয়ক শিক্ষাৰ এটা পৰিৱেশ গঢ়ি তোলাতো অতিকৈ আৱশ্যক। নৱ প্ৰজন্মক অসামৰিক বিষয় সন্দৰ্ভত অৱগত কৰা আৰু এই বিষয়ৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ ক্ষেত্ৰত শিক্ষক, অভিভাৱক, সকলো দল সংগঠনে দায়িত্ব লোৱাটো প্ৰয়োজন"।

তেওঁ লগতে কয় যে, গ্লোবালাইজেশ্বন-ইণ্টানেটৰ যুগত ঘৰত থাকিয়েই সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি। ইয়াৰ বাবে দিল্লী লৈ যোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলক এই ক্ষেত্ৰত তেওঁ সকলো প্ৰকাৰে সহায় কৰিবলৈ সদা সাজু আৰু আগ্ৰহী সকলক যোগাযোগ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, অনুষ্ঠানত উপস্থিত থাকে মানসজ্যোতি দাসৰ পিতৃ মুকুন্দ দাস, মাতৃ ৰীতা গগৈ দাস, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক তথা জিলাৰ উপদেষ্টা টছেন ডেকা, বি ভি এফ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বৰ্ণালী চেতিয়া।

মানসজ্যোতি দাসক সম্বৰ্ধনা জনাই ক্ৰমে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা, বি ভি এফ চি আছু গোট, শাখা ছাত্ৰ সন্থা চামগুৰি, শাখা ছাত্ৰ সন্থা সাৰ নগৰী, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, নাহৰ কটীয়া আঞ্চলিক ছাত্ৰ সন্থা আদিয়ে। তদুপৰি বসুন্ধৰা জাতীয় বিদ্যালয়, সাৰ নগৰী বৰ নামঘৰৰ পৰিচালনা সমিতি, সমন্বয় মহিলা সমিতি, নামৰূপ সাহিত্য সভা, অসম উন্নতি সভা ডিব্ৰুগড় জিলা সমিতি, তাই আহোম ছাত্ৰ সন্থা নামৰূপ আঞ্চলিক, গোৰ্খা ছাত্ৰ সন্থা নামৰূপ, সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ ডিব্ৰুগড় জিলা সমিতি,  বিশিষ্ট সমাজ কৰ্মী বুবুল শৰ্মা,  ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়ন, নাহৰকটীয়া প্ৰেছ গীল্ড, চেম্বৰছ অব কমাৰ্চ, চাহ জনজাতি ছাত্ৰ সন্থা আঞ্চলিক সমিতিৰ লগতে বিভিন্ন ব্যক্তিয়ে ব্যক্তিগত ভাবেও সম্বৰ্ধনা জ্ঞাপন কৰে।

আড়ম্বৰ পূৰ্ণ অনুষ্ঠানটিত মানসজ্যোতি দাসক ফুলৰ থোপা, পিতলৰ জাপিৰ স্মাৰক, গামোচা, চেলেং, কিতাপ কলম, কেলেণ্ডাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতীক স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হয়। 

ইউ পি এছ চিত সুখ্যাতিৰে উত্তীৰ্ণ মানসজ্যোতি দাসক নামৰূপত বিপুল সম্বৰ্ধনা...
বৰজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱসৰ আয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in