ডিফুৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা...

"প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ অৱদান 'যোগে' আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে" : মন্ত্ৰী পীযুষ হাজৰীকা।
ডিফুৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা...

ডিডিটেল ডেস্ক : অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপিত নৱম আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে । সমগ্ৰ বিশ্বৰ লগতে অসমতো আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত যোগ দিৱসৰ অনুষ্ঠানত অংশ লোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ বিভিন্ন জিলা সদৰত অসম চৰকাৰৰ মন্ত্ৰীসকলে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহণ কৰিছে ।

ডিফুৰ ইনডৰ ষ্টেডিয়ামত আয়োজিত যোগ দিৱসত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়কদ্বয় বিদ্যাসিং ইংলেং আৰু দৰসিং ৰংহাঙৰ সৈতে অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ৫০০০ বছৰ যোৰা মহান ভাৰতীয় সংস্কৃতিৰ এক অভিন্ন অংগ হৈছে যোগ । যোগাভ্যাসৰ জৰিয়তে আমাৰ সমাজত দীৰ্ঘদিন ধৰি মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন কৰি অহা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই যোগক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সফল হৈছে ।

প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আন্তৰিক প্ৰয়াসত যোগে ৰাষ্ট্ৰসংঘৰ মঞ্চত আন্ত:ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে বুলিও মন্ত্ৰী হাজৰীকাই মন্তব্য প্ৰদান কৰে । আনহাতে শাৰীৰিক আৰু মানসিক সু-স্বাস্থ্যৰ বাবে আমি সকলোৱে নিয়মিত ৰূপত যোগাসন কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যোগ দিৱসত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰী হাজৰীকাই ডিফুস্থিত গুৰুজী শ্ৰী শ্ৰী ৰৱি শংকৰ দেৱৰ 'Art of Living'ৰ এখন আশ্ৰম ভ্ৰমণ কৰি সেৱা জনায় আৰু আশ্ৰম কতৃপক্ষৰ সৈতে বাৰ্তালাপ কৰে।

ডিফুৰ নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা...
বোকাখাতৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় পথৰ বাবে আৰ্হি পৰিকল্পনা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in