উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ ৰাওনা বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা

উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ ৰাওনা বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা। বিগত কেইটামান দিন ধৰি দিছপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল দীপক শৰ্মা।
উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ ৰাওনা  বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা

ডিজিটেল ডেস্ক: উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ ৰাওনা বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা। বিগত কেইটামান দিন ধৰি দিছপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল দীপক শৰ্মা।

ক'ভিডত আক্ৰান্ত হোৱাৰ উপৰিও ডেংগুতো আক্ৰান্ত হৈছিল বাঁহী বাদক গৰাকী। শেহতীয়াকৈ জণ্ডিছত আক্ৰান্ত দীপক শৰ্মা যকৃতকে ধৰি দেহৰ আন কিছু অংগতো বিসংগতি ধৰা পৰিছে। সেয়েহে চিকিৎসকে বাঁহী বাদক গৰাকীৰ উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ নিয়াৰ পৰামৰ্শ দিছিল।

ৰাজ্য চৰকাৰে বাঁহী বাদক গৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু সহায় কৰাৰ উপৰিও দীপক শৰ্মাৰ গুণমুগ্ধ সকলেও তেওঁৰ চিকিৎসাৰ বাবে কিছু ধন সংগ্ৰহ কৰিছে। বাঁহী বাদক গৰাকী নিজেও উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন তেওঁৰ হাতত নথকাৰ বাবে ৰাইজক সহায় সহযোগৰ আহ্বান জনাইছে।


আৰু পঢ়ক: মই অভিজিৎ, সন্ত্ৰাসবাদী নহয়: ৰঞ্জন গগৈক উভতি ধৰিলে কোনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in