প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাচাও জিলা প্রশাসনৰ সতর্কতামূলক নির্দেশনা...

প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাচাও জিলা প্রশাসনৰ সতর্কতামূলক নির্দেশনা...

ডিজিটেল ডেস্কঃ গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নির্দেশনা মর্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নির্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান শনিবাৰ পর্যন্ত বন্ধ থাকিব। আনহাতে প্রশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জন জীবন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্রয়েও ধুমুহা, ব্রজপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে।

জিলাখনত অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'লে তাৎক্ষণিকভাবে জিলা দুর্যোগ প্রশমন বিভাগক জনাবলৈ আহ্বান জনাইছে। ইয়াৰ বাবে প্রশাসনে হেল্পলাইন নম্বৰো মুকলি কৰিছে। বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত জিলাখনত ৰে'ল চলাচল ব্যাহত হৈ পৰিছে।

আনহাতে লামডিং সংমণ্ডলৰ জাতিংগা লামপুৰ আৰু হাৰাং হাজাও ৰে'লপথৰ মেৰামতিৰ বাবে কেইবাখনো ৰে'ল বাতিল কৰাৰ লগতে ৪খন ৰে'লৰ চলাচল আংশিকভাৱে বন্ধ কৰা হৈছে। জিলা প্রশাসনে এই পর্যন্ত কোনো ধৰণৰ হতাহতৰ ঘটনা সংঘটিত হোৱা নাই বুলি প্রকাশ কৰিছে।

অৱশ্যে কেইবা ঠাইতো ভূমিস্খলনৰ ঘটনা হোৱাৰ ফলত হাফলঙত কৃত্রিম বানৰ সৃষ্টি হৈছে। জাতিংগা লামপুৰ আৰু হাৰাং হাজাও বাষ্ট্রীয় ঘাইপথ আংশিকভাবে বন্ধ কৰি দিয়া হৈছে। এই পথছোৱা মেৰামতিৰ কাম অব্যাহত আছে।

প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাচাও জিলা প্রশাসনৰ সতর্কতামূলক নির্দেশনা...
জামুগুৰিহাটত গড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in