ডিমা হাচাওত নিৰুদ্দেশ বহি:ৰাজ্য শ্ৰমিক

ডিমা হাচাওত নিৰুদ্দেশ বহি:ৰাজ্য শ্ৰমিক

ডিজিটেল সংবাদ, লংকাঃ ৰাজ্যখনৰ ডিমা হাচাও জিলাৰ পৰা যোৱা ১২ মাৰ্চত সন্ধানহীন হৈছে বহি:ৰাজ্য ঝাৰখণ্ডৰ এজন ৩৫ বছৰীয়া যুৱক। নিৰুদ্দিষ্ট যুৱকজনৰ নাম বীৰেন্দ্ৰ শৰ্মা। জিলাখনৰ দৈয়ুংব্ৰা বড়োলংফাৰত শিল কটা-ভঙা কামত শ্ৰমিক হিচাপে যুৱকজন নিয়োজিত হৈ আছিল।

উল্লেখ্য যে, ১২ মাৰ্চৰ পুৱা ১১ মান বজাত বজাৰলৈ বুলি ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বীৰেন্দ্ৰ শৰ্মা। ইতিমধ্যে, ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে দৈয়াংমুখ থানাত এজাহাৰ দাখিল কৰিছে যদিও বিগত এমাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰা নাই।

শেহতীয়াকৈ, ঝাৰখণ্ডৰ কডেৰমা জিলাৰ চান্দৱাৰা গাঁওৰ যুৱকজনৰ দূৰ্ভগীয়া পৰিয়ালটোৱে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিলে মহেন্দ্ৰ শৰ্মা অথবা ৰাজকুমাৰ শৰ্মা,ম'বাইল নং ৯৭৬৬৪৫৫৪৪০/৯০২৮৮৭৮১৩০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ডিমা হাচাওত নিৰুদ্দেশ বহি:ৰাজ্য শ্ৰমিক
LIVE UPDATES- আবেলি ৫-০০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in