LIVE UPDATES- প্ৰথম পৰ্যায়ৰ ভোটদান সম্পন্নঃ যোৰহাটত ৭৭% লোকে সাব্যস্ত কৰিলে ভোটাধিকাৰ

LIVE UPDATES- প্ৰথম পৰ্যায়ৰ ভোটদান সম্পন্নঃ যোৰহাটত ৭৭% লোকে সাব্যস্ত কৰিলে ভোটাধিকাৰ

অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ...

  • ডিব্ৰুগড়- ৭১.৬৫

  • যোৰহাট- ৭৭.০০

  • কাজিৰঙা- ৭১.৫৭

  • লখিমপুৰ- ৬৯.৩৪

  • শোণিতপুৰ- ৭১.৩৪

আবেলি ৫-০০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ...

  • ডিব্ৰুগড় ৭১.০০

  • যোৰহাট ৭৬.০০

  • কাজিৰঙা ৬৯.০০

  • লখিমপুৰ ৬৯.০০

  • শোণিতপুৰ ৭০.০০

আবেলি ৪বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ...

  • ডিব্ৰুগড়- ৬৯.২২

  • যোৰহাট- ৭০.৬৫

  • কাজিৰঙা- ৬৮.৭৫

  • লখিমপুৰ- ৬৯.৪২

  • শোণিতপুৰ- ৭১.৩৯

আবেলি ৩-৩০ বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ...

  • ডিব্ৰুগড় ৬৫.২২

  • যোৰহাট ৬৬.৬৫

  • কাজিৰঙা ৬৪.৭৫

  • লখিমপুৰ ৬৫.৪২

  • শোণিতপুৰ ৬৪.৩৯

সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে শিলাদিত্যই

হোজাই নিৰ্বাচনী জিলাৰ লামডিং সমষ্টিৰ লংকাত ভোটদান কৰে হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। লংকাৰ চিষ্টাৰ নিবেদিতা স্কুলত স-পৰিয়ালে আহি ভোটদান কৰে প্ৰাক্তন বিধায়কজনে। ভোটদান কৰি বিজেপিৰ পক্ষত সংখ্যালঘুসকলক ভোটদানৰ আহ্বান জনাই শিলাদিত্যই।

আবেলি ৩বজালৈকে অসমৰ ৫সমষ্টিৰ ভোটদানৰ হাৰ

  • যোৰহাট- ৬০.৬৫

  • ডিব্ৰুগড়- ৫৯.২২

  • কাজিৰঙা- ৬১.৬৫

  • লখিমপুৰ- ৬০.৪৫

  • শোণিতপুৰ- ৫৯.৩৯

ধেমাজি সমষ্টিৰ ১৮০ নং ভোটগ্ৰহণ কেন্দ্ৰত অবৈধ ভোটদানঃ প্ৰকৃত ভোটদাতাৰ তীব্ৰ প্ৰতিক্ৰিয়া...

ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৮০ নং আই.টি.আই. ভোটগ্ৰহণ কেন্দ্ৰত প্ৰকৃত ভোটদাতাৰ বিপৰীতে কোনোবাই ভোটদান সাৱস্ত কৰি যোৱা কাৰ্য্যই সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি নগৰৰ ১৮০ নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ বিপৰীতে ভোট দিলে অন্য ব্যক্তিয়ে । প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা ধেমাজি ভেহপৰাৰ পদ্ম কোঁৱৰে পুৱাৰে পৰা ১৮০ নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোট দিবলৈ গৈ ৰৈ থাকি নিৰাশ মনে ঘুৰি যাব লগা হ'ল ৷

কাজিৰঙা লোকসভাৰ লামডিং সমষ্টিৰ ৩নং হাতিখুলী গাৱৰ ৰাষ্ট্ৰভাষা এল পি স্কুলৰ ২৭২ নং ভোটকেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

ৰাজ্যত প্ৰথম প্ৰৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহনৰ মাজতে ১০নং কাজিৰঙা লোকসভা সমষ্টিৰ ৬৪ নং লামডিং বিধানসভা সমষ্টিৰ বিভিন্ন ভোটগ্ৰহন কেন্দ্ৰত এটাৰ পিছত এটা বিসংগতি ৷ এফালে লামডিঙত ধাৰাসাৰ বৰষুণ আনফালে লামডিঙৰ ভোট কেন্দ্ৰত ইভিএম(EVM) বিকল ৷ হাহাকাৰ কৰিবলগা হৈছে এতিয়া ভোটাৰ ৰাইজে ৷ লামডিঙৰ ৩নং হাতিখুলী গাৱৰ ৰাষ্ট্ৰভাষা এল পি স্কুলৰ ২৭২ নং ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি থকা সময়তে বিকল হৈ পৰিল এটা EVM V V PAT ৷ ৰাতিপুৱা ৫ টা বজাৰ পৰা শাৰি পাতি পাতি ৰৈ ৰৈ এতিয়া অতিষ্ট হৈ পৰিছে ভোটকেন্দ্ৰটোৰ ভোটাৰ ৰাইজ ৷ প্ৰায় তিনি ঘণ্টা ধৰি ভোটাৰে ভোট দিব পৰা নাই কেন্দ্ৰটোত। আনফালে বহু ভোটাৰে ভোট নিদিয়া কৈ ঘৰলৈ অভিমুখী হোৱাৰ পৰিলক্ষিত হয় আনফালে একাংশ ভোটাৰে চৰকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে কেন্দ্ৰটোত। অৱশেষত ঘটনা স্থলীত CRPFৰ জোৱান আহি নিয়ন্ত্রণ কৰে পৰিস্থিতি।

লামডিং সমষ্টিৰ খাগৰিজান গাওঁ পঞ্চায়তৰ ১৫০ নং ভোট কেন্দ্ৰত ই ভি এম বিকল...

লামডিং সমষ্টিৰ খাগৰিজান গাওঁ পঞ্চায়তৰ ১৫০ নং ভোট কেন্দ্ৰত ই ভি এম বিকল। পুৱা ‌৭ বজাৰ পৰা সুচাৰুৰূপে খাগৰিজান এম ই স্কুলত থকা ভোট কেন্দ্ৰটোৰ চলি আছিল যদিও ১১:৩০ মান বজাৰ পৰা বৰ্ত্তমানৰ লৈকে ই ভি এম বিকল হৈ থকাত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।। ইফালে ই ভি এম বিকলৰ মাজতে বৰষুণে বিধি প্ৰথালি দিছে ভোট গ্ৰহণত।

দিনৰ ১.৪০বজালৈকে অসমৰ ৫টা সমষ্টিত ভোটদানৰ হাৰ...

শিৱসাগৰত অঘটনঃ নির্বাচনী কাৰ্য্যালয়তে মৃত্যু ৰাইজৰ দলৰ কৰ্মী...

  • শিৱসাগৰত অঘটন

  • নির্বাচনী কাৰ্য্যালয়তে মৃত্যু ৰাইজৰ দলৰ কৰ্মী

  • বানমুখ পঞ্চায়তৰ ১০ নং ৱাৰ্ডত শোকাবহ ঘটনা

  • ৰাইজৰ দলৰ সক্ৰিয় সদস্যা সংগীতা গগৈ

  • নিৰ্বাচনী টেবুলত বহি থকা অৱস্থাতে হাৰ্ট এটেক হৈ মৃত্যু সংগীতা গগৈৰ

গড়মূৰ ফুটুকী ভোট কেন্দ্ৰত পত্নীৰ সৈতে ভোট দিলে মাজুলীৰ বিধায়কে...

নামবৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৩৪ নং ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল

নগাঁও ১০ নং কাজিৰঙা সমষ্টিৰ অন্তৰ্গত নামবৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৩৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল । প্ৰায় ১-৩০ ঘন্টা সময় ধৰি বন্ধ হৈ আছে ভোট গ্ৰহণ । নতুন ই ভি এম যোগান ধৰিছে যদিও বৰ্তমানলৈকে আৰম্ভ হোৱা নাই ভোট গ্ৰহণ প্ৰক্ৰিয়া ।

ৰাইজৰ সৈতে শাৰী পাতি ভোটদান কৰিবলৈ আহিল জোনাইৰ বিধায়ক ভূৱন পেগু...

চিলাপথাৰৰ চ'ছাইটি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ৰাইজৰ সৈতে শাৰী পাতি ভোটদান কৰিবলৈ আহিল জোনাইৰ বিধায়ক ভূৱন পেগু। লখিমপুৰ সমষ্টিত অভিলেখ সংখ্যক ভোটত জয়ী হোৱাৰ দাবী জনালে বিধায়ক পেগুৱে। বহু ভোট কেন্দ্ৰত কংগ্ৰেছৰ পলিং এজেণ্ট নাই। সকলোতে মাথো 'পদূম' বুলি মন্তব্য কৰি‌ অনেক ভোট কেন্দ্ৰত বেজেপিয়ে এশ শতাংশ লাভ কৰাৰ বিপৰীতে ক‍ংগ্ৰেছ জি'ৰ মাৰিব বুলি মন্তব্য কৰে।

পুৱা ১১বজালৈকে অসমৰ ৫সমষ্টিৰ ভোটদানৰ হাৰ

  • কাজিৰঙাত- ২৪.১৫শতাংশ

  • ডিব্ৰুগড়ত- ২৪.৪৮শতাংশ

  • লখিমপুৰত- ২৫.৮৭শতাংশ

  • শোণিতপুৰত- ২৪.৬৩শতাংশ

  • যোৰহাটত- ২৫.৭২শতাংশ

ঢকুৱাখনাত তিনিখন গাঁওবাসীৰ ভোট বৰ্জন...

এজন বিধায়ক, এখন দলং আৰু তিনিখন গাঁওৰ ভোটাৰ । সাম্প্ৰতিক সময়ত ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ  কেন্দ্ৰবিন্দু হৈছে। দেশ জুৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত হোৱাৰ দিনটোতে চৰ্চালৈ আহিছে এই তিনি কাৰক। কাৰণ ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঘিলাগুৰি, বাম চাপৰি আৰু লক্ষীপথাৰ গাঁওৰ ৫শতাধিক ভোটাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ  দলেৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে চূড়ান্ত গণতান্ত্ৰিক প্ৰতিবাদ শনিবাৰে সাব্যস্ত কৰে। শনিবাৰে তিনিওখন গাঁওৰ ভোটাৰে একত্ৰীয় হৈ ভোট বৰ্জন কৰে। এই চূড়ান্ত সংঘবদ্ধ সিদ্ধান্তৰ কাৰণ এখন দলং । গাঁও তিনিখনৰ লগতে সমীপৱৰ্তী ৫খন গাঁও পঞ্চায়তৰ পথ যোগাযোগৰ একমাত্ৰ পথ ঘিলাগুৰিৰ পৰা কাঠৰবাৰী সংযোগী লোকনিৰ্মান পথ। এই গুৰুত্বপূৰ্ণ পথৰ চাৰিকড়িয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বছৰ বছৰ ধৰি দাবী জনাই আহিছিল। ভুক্তভোগী ৰাইজে বিধায়ক নৱ দলে ,সাংসদ প্ৰদান বৰুৱাক বহুবাৰ আবেদন জনায়ো বিমুখ হৈ আহিছিল ।এগৰাকী বিধায়কৰ সমষ্টিবাসীৰ প্ৰতি এনে চূড়ান্ত অৱজ্ঞা আৰু বঞ্চনাৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰিছিল জৰাজীৰ্ণ বাঁহৰ দলঙৰ পাৰত। সকীয়নী দিছিল ভোট বর্জনৰ। কিন্তু দাম্ভিক অহংকাৰী বিধায়ক নৱ দলেৰ গা নলৰিল । পৰিণতিত শনিবাৰে তিনিওখন গাঁওৰ ৰাইজে সমূহীয়া ভাবে ভোট বৰ্জন কৰে। গাঁওৰ পথৰ ওপৰত ভোট বর্জনৰ বেনাৰ আৰি দি পঞ্জীভূত ক্ষোভ উজাৰে ।

ৰঙাপাৰা সমষ্টিৰ ১১২ নং গুদামঘাট কছাৰী ভোটকেন্দ্ৰৰ ইভিএম মেচিনৰ বিজেপিৰ চিম্বলত বগা কাগজ...

শোণিতপুৰৰ লোকসভাৰ অন্তৰ্গত ৰঙাপাৰা সমষ্টিৰ ১১২ নং গুদামঘাট কছাৰী ভোটকেন্দ্ৰৰ ইভিএম মেচিনৰ বিজেপিৰ চিম্বলত বগা কাগজ ফেভিকুইক লগায় থোৱাৰ অভিযোগ ৰাইজৰ। ভোটকেন্দ্ৰটিত উপস্থিত হৈছেহি চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া। বৰ্তমান ভোটদান প্ৰক্ৰিয়া স্থগিত ৰাখিছে

কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল

নগাঁও ১০ নং কাজিৰঙা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৪৪ নং ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল । প্ৰায় ১ ঘন্টা সময় ধৰি বন্ধ হৈ আছে ভোট গ্ৰহণ । নতুন ই ভি এম যোগান ধৰিছে যদিও বৰ্তমানলৈকে হোৱা নাই ভোট গ্ৰহণ প্ৰক্ৰিয়া । শাৰী পাতি ৰৈ আছে ভোটাৰ ৰাইজ ৷

ভোটদানৰ অভিলেখঃ যোৰহাটত ১৫ আৰু ডিব্ৰুগড়ত ১০শতাংশ ভোটদান...

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ ৫সমষ্টিত ভোটাৰৰ অভিলেখ সংখ্যক সহাঁৰি দেখিবলৈ পোৱা গৈছে। যোৰহাট আৰু ডিব্ৰুগড়ত পুৱা ৪বজাৰে পৰা লাইন ধৰিছে ভোটাৰ ৰাইজে। পুৱা ৯বজালৈকে যোৰহাটত ভোটদানৰ হাৰ ১৫.০৩শতাংশ আৰু ডিব্ৰুগড়ত ভোটদানৰ হাৰ ১০.২৫শতাংশ। প্ৰাপ্ত খবৰ অনুসৰি, অসমৰ প্ৰতিটো সমষ্টিতে মহিলাতকৈ পুৰুষ ভোটাৰৰ সক্ৰিয় অংশগ্ৰহণ দেখিবলৈ পোৱা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে কেতিয়াও পুৱাভাগতে এনে অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত হোৱা নাছিল।  ইফালে অসমৰ ৫সমষ্টিৰ লখিমপুৰত পুৱা ৯বজালৈকে ১০শতাংশ, শোণিতপুৰত ৯.৮৫শতাংশ আৰু কাজিৰঙাত ১০.১৭শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।

লামডিং ভোটকেন্দ্ৰত অঘটন....

লামডিং হৰুলংফাৰ এম ই স্কুল ২৫৩ নম্বৰ ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়াৰ উচ্চ ৰক্ত চাপত আক্ৰান্ত হৈ ষ্ট্ৰক। হোজাই ৰ নিবাসী সব্বিৰ আলি নামৰ ব্যক্তি গৰাকী লামডিং হৰুলংফাৰ এম ই স্কুল ২৫৩ নম্বৰ ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়া হিচাপে কৰ্মৰত হৈছিল যদিও পুৱাৰ ভাগত এনে ঘটনা সংঘটিত হোৱাত ভোট কেন্দ্ৰটোত ভোট গণনা স্থগিত কৰে ।

পুৱা ৯.০০বজালৈকে অসমৰ ৫সমষ্টিত ভোটদানৰ হাৰ

পুৱা ৯.০০ বজালৈকে অসমৰ ৫সমষ্টিত ভোটদানৰ হাৰ

কাজিৰঙাত-২.৮৫শতাংশ

ডিব্ৰুগড়ত- ১.৭০শতাংশ

লখিমপুৰত- ২.৭৮শতাংশ

শোণিতপুৰত- ১.৯৭শতাংশ

যোৰহাটত- ২.৭৫শতাংশ

প্ৰধানমন্ত্ৰীয়ে এক্সৰ জৰিয়তে দিলে বিশেষ বাৰ্তা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখিছে- আজিৰে পৰা আৰম্ভ হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন! যিহেতু ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১০২খন আসনৰ বাবে ভোটগ্ৰহণ হ'ব, মই এই আসনসমূহৰ বাবে ভোটদান কৰা সকলোকে অভিলেখ সংখ্যাত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো। বিশেষকৈ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ ভোটদাতাসকলক বৃহৎ সংখ্যাত ভোটদান কৰিবলৈ মই আহ্বান জনাইছো। কাৰণ, প্ৰতিটো ভোটেই মূল্যৱান আৰু প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ!

ভোটাধিকাৰ সাব্যস্ত তপন গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ...

ভোটাধিকাৰ সাব্যস্ত কৰিলে সৰ্বানন্দ সোণোৱালে। ভোট প্ৰদান কৰি এইবাৰ নিৰ্বাচনত বিৰোধী ধৰাশায়ী হব বুলি মন্তব্য প্ৰকাশ কৰে ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে। তপন গগৈও যোৰহাটবাসীয়ে তেওঁক আস্থাত লৈছে বুলি মন্তব্য প্ৰকাশ কৰে।

বোকাজান, নাজিৰা, ডিমৌত ই ভি এম বিকল

বোকাজান, নাজিৰা আৰু ডিমৌত ই ভি এম বিকল হোৱাৰ খবৰ পোৱা গৈছে। বোকাখাতৰ ২নং খণ্ডত ই ভি এম বিকল হোৱাৰ বাবে ভোটদানত বিলম্ব। ডিমৌৰ ৫১নং ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰ পোৱা গৈছে।

ভোটাধিকাৰ সাব্যস্ত কৰিলে গৌৰৱ গগৈয়ে

অকলেই আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে গৌৰৱ গগৈয়ে। যোৰহাটবাসীয়ে তেওঁক মৰম দিয়া বুলি কৈ বিজয় নিশ্চিত বুলি দাবী কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।

পুৱাৰে পৰা ভোটকেন্দ্ৰ সমূহত ভোটাৰৰ শাৰী

ৰাজ্যৰ ৫টা সমষ্টিৰ প্ৰায়বোৰ ভোটকেন্দ্ৰতে পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। আনফালে নাহৰকটীয়াত এটা ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ খবৰ পোৱা গৈছে।

পুৱা ৭বজাত আৰম্ভ ভোট গ্ৰহণ...

অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭বজাৰ পূৰ্বেই আৰম্ভ হৈছে ভোটগ্ৰহণ। কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in