/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6202c7aa-34b7-4496-baf7-8681b9f7e7bf/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক অনন্ত কলিতাৰ দেহাৱসান। দেওবাৰে পুৱা ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে লেখকগৰাকীয়ে। কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ চিকিৎসকৰ পৰামৰ্শত আছিল তেওঁ।
লেখক হোৱাৰ উপৰি পেছাগতভাবে বেংকৰ কৰ্মচাৰী আছিল কলিতা। তেওঁৰ সদ্য উন্মোচিত গ্ৰন্থকেইখন হ'ল- বিশ্বায়িত সমাজখনৰ ভিন্ন চিন্তা, নব্য-উদাৰ অৰ্থনীতি/বিকল্প অন্বেষণ, অসম আৰু অসমৰ জাতীয় সমস্যা। ইয়াৰ উপৰি ভিন্ন সময়ত তেওঁৰ বিজ্ঞান, অৰ্থনীতি, সমাজ আদি বিষয়ক বহু লেখনি কাকত-আলোচনীত ধাৰাবাহিকভাবে প্ৰকাশ পাই আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/cc3e2e86-2436-4ff9-8b9c-69890865860f/087baea7_a57c_4d0a_8b09_9353c646c632.jpg)
অসমীয়া সাহিত্য জগতত বিশেষ বৰঙণি আগবঢ়োৱা এই গৰাকী লেখকে মৃত্যুৰ পূৰ্বে দেহদান কৰি গৈছে। উল্লেখ্য যে, কলিতা আছিল মহানগৰীৰ মঠঘৰীয়াস্থিত ষ্টেট বেংক কলনীৰ বাসিন্দা।
Also Read: অনিৰ্দিষ্ট কাললৈ বন্ধ মাজুলী-নিমাতীঘাটৰ ফেৰী সেৱা