/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-13/7rebgzok/sasa.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাট ছুইমিং ছ’চাইটিৰ প্ৰতিষ্ঠাকালৰেপৰা জড়িত এজন সক্ৰিয় সদস্য তথা বৰ্তমান ছ’চাইটিৰ যুটীয়া সম্পাদক দিলীপ কলিতা ৬৩ বছৰ বয়সত আজি পুৱাই ঘৰতে আকস্মিকভাৱে বিয়োগত ঘটে। যোৰহাট আটিলাগাঁও নিবাসী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰপ্ৰাপ্ত ব্যক্তি তথা সমাজকৰ্মী দিলীপ কলিতাৰ আজি হোৱা আকস্মিক বিয়োগত যোৰহাট ছুইমিং ছ’চাইটিৰ পৰিয়ালবৰ্গই গভীৰ শোক প্রকাশ কৰিছে।
আজি যোৰহাট ছুইমিং ছ’চাইটিয়ে ছ’চাইটিৰ পতাকা অদ্ধনর্মিত কৰি ৰখাৰ লগতে ছ’চাইটিয়ে প্ৰকল্পৰ আজিৰ দিনটোৰ সকলো সাঁতোৰ প্রশিক্ষণ সম্পূর্ণৰূপে বন্ধ ৰাখে। যোৰহাট ছুইমিং ছ’চাইটিয়ে কলিতাৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
আজি পুৱাই যোৰহাটৰ চৌদিশে কলিতাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটৰ ক্ৰীড়ামহলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। ক্ৰীড়াৰ লগতে সমাজিক কৰ্মত নিস্বাৰ্থভাৱে জড়িত হৈ ভাল পোৱা কলিতাই মৃত্যুৰ সময়ত ইহসংসাৰত পত্নী, এজন পুত্ৰ আৰু দুগৰাকী কন্যা এৰি থৈ গৈছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us