চেঁচামুখ চক্ৰশীলা ৰাস মহোৎসৱত অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা

চেঁচামুখ চক্ৰশীলা ৰাস মহোৎসৱত অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
চেঁচামুখ চক্ৰশীলা ৰাস মহোৎসৱত অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা

ডিজিটেল সংবাদ,হাজো : হাজোৰ চেঁচামুখ চক্ৰশীলা ৰাস মহোৎসৱত অসম ভিত্তিত অনুষ্ঠিত হৈছে দিহা নাম প্ৰতিযোগিতা। কৃষ্ণ ভক্তিত গদ গদ হৈ পৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাসস্থলী।

Advertisment

উল্লেখযোগ্য সদৌ অসম ভিত্তিত আয়োজন কৰা দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ নামাতি দলে। এঘাৰ দিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত ভক্তৰ সমাগমত উৎফুল্লিত আয়োজক সমিতি। কলিকতাৰ কাৰিকৰী প্ৰযুক্তিৰে স্থাপন কৰা মৃণ্ময় মূৰ্তিয়ে আকৰ্ষণ কৰিছে ভক্ত প্ৰাণ ৰাইজক।

সমিতিয়ে জনোৱা অনুসৰি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হোৱা এই চেঁচামুখ ৰাস মহোৎসৱত অনাগত বাকী দিনত চলিব সংগীতৰ মায়াজাল। দিহানাম, নাগাৰা নাম,ভাওনাৰে সমগ্ৰ অঞ্চল ভক্তি ৰসত ডুব গৈছে। আনহাতে ৰাসৰ বাকী থকা দিনসমূহত অসমৰ ভক্ত প্ৰাণ ৰাইজৰ উপস্থিততি কামনা কৰিছে ৰাস উদযাপন সমিতিয়ে।

Also Read: জাগীত পূৰ্ণাঙ্গ নাট 'আৰিমত্ত'ৰ মহুৰত

Raakh Mahotsav hajo