লক্ষ্য বিশ্বৰেকৰ্ড, গুৰুজনাৰ দিহানামক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ প্ৰস্তুতি

লক্ষ্য বিশ্বৰেকৰ্ড। চলিত বৰ্ষৰ ২৫ নবেম্বৰত অসমবাসীয়ে আকৌ গঢ়িব বিশ্বৰেকৰ্ড।

author-image
Asomiya Pratidin
New Update
লক্ষ্য বিশ্বৰেকৰ্ড,  গুৰুজনাৰ দিহানামক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ প্ৰস্তুতি

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ লক্ষ্য বিশ্বৰেকৰ্ড। চলিত বৰ্ষৰ ২৫ নবেম্বৰত অসমবাসীয়ে আকৌ গঢ়িব বিশ্বৰেকৰ্ড। এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিহানামক বিশ্বদৰবাৰত পৰিচয় কৰিবলৈ প্ৰস্তুতি চলাইছে অসমবাসীয়ে।

এইবাৰ ৬০ হাজাৰ নামতীৰ দ্বাৰা পৰিবেশিত মহাপুৰুষ গুৰুজনাৰ দিহানাম অন্তৰ্ভুক্ত হ'ব বিশ্বদৰবাৰত। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ৫ শতাধিক নামতীসকল একেলগ হৈ ডিব্ৰুগড়ৰ কোটোহাত নামতী সকলে চলাইছে প্ৰস্তুতি।

সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ নেতৃত্বত অসমৰ প্ৰতিখন জিলাই জিলাই চলিছে প্ৰস্তুতি। ৫ হাজাৰ দিহানামৰ দলে অংশগ্ৰহণ কৰিব আৰু প্ৰতিটো দলত থাকিব ১২ জনকৈ শিল্পী। ৬০ হাজাৰ শিল্পীৰ দ্বাৰা পৰিবেশিত দিহানামক অন্তৰ্ভূক্ত কৰিব বিশ্বদৰবাৰত।

ইতিমধ্যে দিহানামৰ নামতী সকলৰ পঞ্জীয়নৰ কাম চলি আছে বুলি জানিবলৈ দিয়ে সদৌ অসম শংকৰ মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ বিষয়ববীয়া সকলে। চলি আছে চৰকাৰৰ লগত আলোচনা। মুখ‍্যমন্ত্ৰীৰ অনুমতি পালেই অসমৰ প্ৰতিখন জিলাই জিলাই চলিব দিহানামৰ আখৰা।

Also Read: মৰণফান্দত পৰিণত হৈছে ওৰাং-ৰৌতা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ