দিহা নামেৰে বিশ্ব ৰেকৰ্ডঃ কলিয়াবৰত সমবেত ৭০০ গৰাকী আয়তী

দিহা নামেৰে বিশ্ব ৰেকৰ্ডঃ কলিয়াবৰত সমবেত ৭০০ গৰাকী আয়তী

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত মঙলবাৰে একেলগে সমবেত হ'ল ৭০০ গৰাকী আয়তী । জখলাবন্ধা মিলন সংঘৰ বাকৰিত দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ক্ষন্তেক সময়। উল্লেখ্য য, সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ‍্যোগত ৬০ হাজাৰ আয়তীৰে দিহানামৰ বিশ্ব অভিলেখৰ বাবে আজি একত্ৰিত হয় কলিয়াবৰৰ ৭০০ গৰাকী আয়তী ।

বিশ্ব অভিলেখত পৰিবেশন কৰিব লগীয়া দিহানাম ভাগ আজি কলিয়াবৰৰ জখলাবন্ধা মিলন সংঘৰ বাকৰিত আয়তী সকলৰ উপস্থিতিত শুভাৰম্ভ কৰে ‌সমিতিৰ বিষয়ববীয়া সকলে । ইপিনে অহা ২৫ নৱেম্বৰত পলাশবাৰীত এই বিশ্ব অভিলেখৰ ঠাই নিৰ্বাচন কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো সহাৰি লাভ কৰিব বুলিও আশা ব‍্যক্ত কৰিছে সমিতিৰ বিষয়ববীয়াৰ হৈ প্ৰতিভা খনিকৰে । এই উদ্দেশ্যৰে জীৱন বৰাৰ সভাপতিত্বত অনুষ্ঠিত এখনি সভাত সমিতিৰ ৰাজ্যিক সভাপতি গনেশ দাসে ভাষন দিয়ে।

দিহা নামেৰে বিশ্ব ৰেকৰ্ডঃ কলিয়াবৰত সমবেত ৭০০ গৰাকী আয়তী
দুদিনীয়া ভ্ৰমণসূচীৰে লখিমপুৰত উপস্থিত অসমৰ ৰাজ্যপাল

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in