চৰকাৰে প্ৰদান কৰা খচৰাত খিলঞ্জীয়াৰ ‍ভৱিষ্যৎ সুৰক্ষাৰ নিশ্চিত নিশ্চয়তা নাইঃ অনুপ চেতিয়া

চৰকাৰে প্ৰদান কৰা খচৰাত খিলঞ্জীয়াৰ ‍ভৱিষ্যৎ সুৰক্ষাৰ নিশ্চিত নিশ্চয়তা নাইঃ অনুপ চেতিয়া

ডিজিটেল ডেস্কঃ চৰকাৰৰ আলোচনাৰ মজিয়ালৈ ঘূৰি আহিবনে আলফা(স্বা) এই সন্দৰ্ভত চৰ্চা হৈয়ে আছে।২০১১ চনৰ পৰা চেষ্টা চলাই থকা আলফা আৰু চৰকাৰৰ শান্তি আলোচনা অন্তিম পৰ্যায়ত। এই সন্দৰ্ভতে আজি আলোচনাপন্থী আলফাই এক সংবাদমেল সম্বোধন কৰে ।

সংবাদমেল সম্বোধন কৰি অনুপ চেতিয়াই কয় যে, চৰকাৰৰ মধ্যস্থতাকাৰী এ কে মিশ্রই বিহুৰ পূৰ্বে অৰ্পণ কৰিছিল খচৰা। খচৰা অৰ্পণৰ পিছতেই পৰ্যালোচনা কৰা হয় কিন্তু খচৰাত অসমৰ খিলঞ্জীয়াৰ ‍ভৱিষ্যৎ সুৰক্ষাৰ নিশ্চিত নিশ্চয়তা সন্দৰ্ভত উল্লেখ নাই।

জাতি-জনগোষ্ঠীৰ ৰাজনৈতিক, সাংবিধানিক সুৰক্ষাৰ বিষয়ে উল্লেখ নাই খচৰাত। সেইবাবে চুক্তিৰ খচৰাক লৈ সন্তুষ্ট নহয় বুলি কয় অনুপ চেতিয়াই। তেওঁ কয় যে, আমাৰ দাবী হ’ল এন আৰ চি , ভূমি অধিকাৰ, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ। অসমৰ বানপানী ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাও আমাৰ দাবী।

এই দাবী সমূহ মানি লৈছে যদিও বাকী আছে দুই এটা সমস্যা। তেওঁক কয় যে আমাৰ দাবী আলফাৰ শ্বহীদ সকলক সন্মান সহকাৰে ক্ষতিপূৰণ দিয়া, ভূটানত নিখোজ হৈ থকা ২৬জন আলফাৰ সন্ধানৰ ব্যৱস্থা কৰা, জংঘলত থকা আলফা স্বাধীনৰ সদস্যক সংস্থাপন দিয়া, ৮৮ শতাংশ সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা,১০২টা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰা আদি।

মূল ১২টা দফা সন্নিবিষ্ট হৈছে খচৰাত। তাৰ ভিতৰত ১১টা দফা মানি লৈছে চৰকাৰে। কিন্তু ৮৮ শতাংশ সংৰক্ষণৰ বিষয়টো মানি লোৱা নাই চৰকাৰে। লগতে ইতিবাচক নোহোৱা পৰ্যন্ত আলোচনাৰ পোষকতা দলে আলফাই।

চৰকাৰে প্ৰদান কৰা খচৰাত খিলঞ্জীয়াৰ ‍ভৱিষ্যৎ সুৰক্ষাৰ নিশ্চিত নিশ্চয়তা নাইঃ অনুপ চেতিয়া
হিংসা জৰ্জৰ পাকিস্তানঃ ৮ জনৰ মৃত্যু, গ্ৰেপ্তাৰ ১০০০ ৰো অধিক, ভাঙি চুৰ-মাৰ চৰকাৰী কাৰ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in