বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক

ডিজিেটেল ডেস্কঃ অৰুণাচলৰ পৰা নিৰুদ্দেশ হৈছে অসমৰ এজন যুৱক। অৰুণাচলত কাম কৰিবলৈ গৈ ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈছে ডিগবৈৰ যুৱকজনৰ । নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম আনন্দপাৰাৰ দেৱজিৎ দাস ।

যুৱকজন অৰুণাচলৰ ইথানিলত ফেব্ৰুৱাৰীৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ অনুষ্ঠিত হোৱা " ৰে ফেষ্টিভেল " নামৰ অনুষ্ঠানত চাউণ্ড অপাৰেটৰ হিচাপে কৰ্মসূত্ৰে উপস্থিত হৈছিল। অনুষ্ঠান শেষ কৰি অৰুণাচলৰে এখন হোটেলত সহযোগী সকলৰ সৈতে ৰূম লৈ আছিল। তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে দেৱজিৎ দাম নামৰ ডিগবৈৰ যুৱকজন ।

পৰিয়ালৰ ভাষ্যমতে ডিগবৈ গোলাইৰ নিবাসী অমৃত দে নামৰ ব্যক্তি গৰাকীৰ দায়িত্বত গৈছিল দেৱজিৎ দাস। বৰ্তমানলৈকে কোনো খবৰ নোপোৱাত পৰিয়ালৰ লোকে অৰুণাচলৰ ৰ'য়িঙ থানাত দাখিল কৰিছে এজাহাৰ ।

বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ অসমৰ যুৱক
কাৰ্বি আংলংৰ বড়ো সংগঠনৰ বাৰ্ষিক অধিৱেশনত প্ৰাক্তন মন্ত্ৰী ড° কপিন চন্দ্ৰ বড়োৰ অংশগ্ৰহণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in