অবৈধ সম্পৰ্ক, সাংসদ পদ আৰু বহু বিস্ফোৰক তথ্য উদঙাই দিলে অনুৰাগে...

মুখ খুলিছে ইন্দ্রাণী কাণ্ডৰ মূল চৰিত্র অনুৰাগ চলিহাই। আৰক্ষীৰ জেৰাত অনুৰাগ চলিহাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি।

author-image
Asomiya Pratidin
New Update
 অবৈধ সম্পৰ্ক, সাংসদ পদ আৰু বহু বিস্ফোৰক তথ্য উদঙাই দিলে অনুৰাগে...

ডিজিটেল ডেস্কঃ মুখ খুলিছে ইন্দ্রাণী কাণ্ডৰ মূল চৰিত্র অনুৰাগ চলিহাই। আৰক্ষীৰ জেৰাত অনুৰাগ চলিহাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। ইন্দ্রাণী তহবিলদাৰৰ সৈতে অবৈধ সম্পর্কৰ কথা স্বীকাৰ কৰিছে অনুৰাগে।

Advertisment

তেওঁ কয় যে, মেঘালয়ৰ নংপুত অভিমন্যু দাসে অকথ্য নিৰ্যাতন চলাইছিল ইন্দ্রাণীক। তাৰেই হোটেলৰ কোঠাত ইন্দ্রানীক ব্লেকমেইলিং কৰিছিল অভিমন্যু দাসে। বৰপেটা সমষ্টিৰ পৰা সাংসদ পদৰ বাবে হেঁচা দিছিল অভিমন্যু দাসে।

ইন্দ্রাণীৰ ৰাজনৈতিক লবীৰ সমৰ্থন বিচাৰিছিল অভিমন্যু দাসে। কেৱল ইমানেই নহয়, RSSৰ নেতাৰ ভতিজাক অসীম চক্রৱৰ্তী বাহিনীৰো সমথৰ্ন বিচাৰিছিল দাসে। অভিমন্যু দাসে বিচাৰিছিল বৰপেটাৰ কৃষক মৰ্চাৰ সভাপতি পদ।

ইয়াৰ বাবে ইন্দ্রাণীক চলাইছিল মানসিক অত্যাচাৰ। বিচৰা পদ নাপালে অনুৰাগ আৰু ইন্দ্রাণীৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দিছিল দাসে। ইন্দ্রাণীক বলপূৰ্বকভাৱে নিজ সংগী বনোৱাৰো ষড়যন্ত্র ৰচিছিল দাসে।

কথাবিলাক প্রচাৰ কৰিলে দুয়োকে গুলীয়াই মৰাৰো দিছিল ভাবুকি দাসে। ইন্দ্রাণী-অনুৰাগৰ আপত্তিজনক ফটো, ভিডিঅ’ নিজৰ ম’বাইলত ৰাখিছিল দাসে। উক্ত ফটো তথা ভিডিঅ’ হোৱাটছএপৰ জৰিয়তে প্রেৰণ কৰিছিল দলীয় কৰ্মীলৈ।

হোৱাটছএপৰ জৰিয়তে ফটো তথা ভিডিঅ’ প্রেৰণ কৰিছিল শীৰ্ষ নেতালৈও। ইয়াৰ ভিতৰত এজন বিজেপি বিধায়কৰো নাম লৈছে অনুৰাগ চলিহাই। ব্লেকমেইলিঙেৰে অনুৰাগ চলিহাক কেইবা লাখ টকা দাবী কৰিছিল দাসে। দাবী কৰা ধন নাপালে অনুৰাগ চলিহাৰ সকলো ছিণ্ডিকেট বন্ধ কৰাৰো হুংকাৰ দিছিল।

নিজকে বিজেপি চৰকাৰৰ শীৰ্ষ মাফিয়া বুলি পৰিচয় দিছিল অভিমন্যুয়ে। আৰক্ষীৰ আগত অভিমন্যুৰ নাম ল’লে অনুৰাগক গুলীয়াই মৰাৰো ভাবুকি দিছিল। প্রাণৰ মমতাত অনুৰাগ চলিহাই আত্মগোপন কৰিছিল উজনিৰ এক স্থানত।

আৰক্ষীৰ তীব্ৰ অভিযানৰ কথা গম পাই অনুৰাগে বাৰে বাৰে সলনি কৰিছিল নিজ ঠিকনা। বিজেপিৰ বহু নামজ্বলা শীৰ্ষ নেতৃত্বৰো ভাবুকি আহিছিল অনুৰাগ চলিহালৈ।সকলো দোষ নিজৰ ওপৰত পাতি ল'বলৈ হেচাঁ প্ৰয়োগ কৰা হৈছিল অনুৰাগ চলিহাক

অনথ্যা মুখ খুলিলেই ৰাজনৈতিক কেৰিয়াৰ একেবাৰে সম্পূৰ্ণকৈ শেষ কৰি দিয়াৰ ভাবুকি লাভ কৰাৰো চাঞ্চল্যকৰ স্বীকাৰোক্তি অনুৰাগ চলিহাৰ। বিতৰ্কিত বিজেপিৰ বহিষ্কৃত নেতা দ্বীবন ডেকাৰো সু-সম্পৰ্ক আছিল ভাইৰেল কাণ্ডৰ পলাতক মূল অভিযুক্ত অভিযুক্ত অভিমন্যু দাসৰ।

জেৰাত আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰ আগত ইতিমধ্য এইসমূহ স্বীকাৰোক্তিৰ অডিঅ' ভিডিঅ' জবানবন্দী প্ৰদান কৰিলে অনুৰাগ চলিহাই। ফটো ভাইৰেল কাণ্ডত তেওঁৰ এক শতাংশও হাত নাই বুলি স্বীকাৰোক্তি দিছে অনুৰাগ চলিহাই।

তেওঁ কয় যে, প্ৰথম অৱস্থাত ইন্দ্ৰানী আৰু অনুৰাগ চলিহাৰ আছিল ভাতৃ-ভগ্নীৰ সমন্ধ। ইন্দ্ৰানীতকৈ বয়সত বহু কনিষ্ঠ আছিল অনুৰাগ চলিহা। কিন্তু লাহে লাহে দুয়োৰে সম্পৰ্কৰ ঘনিষ্ঠতা বাঢ়িছিল। অৱশ্য, ইন্দ্ৰানী তহবিলদাৰৰ লগত নিজৰ অবৈধ সম্পৰ্কৰ কথা ইতিমধ্য আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অনুৰাগে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Also Read: পুনৰ বিপদসীমাৰ ওপৰেৰে যমুনা নদীৰ পানীঃ আকৌ এবাৰ ভাবুকি ৰাজধানীলৈ

Assam police bjp