আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! দিব্যজ্যোতি মেধি ন্যায়ালয়ৰ দ্বাৰস্থ...

আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! দিব্যজ্যোতি মেধি ন্যায়ালয়ৰ দ্বাৰস্থ...
আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! দিব্যজ্যোতি মেধি ন্যায়ালয়ৰ দ্বাৰস্থ...

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল দিব্যজ্যোতি মেধি। সংগঠনটোৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কেন্দ্ৰিয় সমিতিক অবৈধ ঘোষণা কৰাৰ দাবীৰে ন্যায়ালয়ত গোচৰ ৰুজু কৰিলে ছাত্ৰনেতাগৰাকীয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধানৰ কেইবাটাও অনুচ্ছেদ উলংঘা কৰি বহু বৃদ্ধলোক অথবা দশক পূৰ্বেই ছাত্ৰ জীৱন সাং কৰা অধিকাংশ লোকে আজিৰ তাৰিখত নিজকে ছাত্ৰ হিচাপে ভুৱা পৰিচয় দি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব বহন কৰি আহিছে।

এনে একাংশ অছাত্র অথবা বৃদ্ধলোকৰ পাকচক্ৰত এতিয়া সদৌ অসম ছাত্ৰ সন্থাত প্ৰকৃত ছাত্ৰৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ হৈছে। এই চক্ৰটোৱে একাংশ প্রকৃত ছাত্ৰই শিক্ষাগ্ৰহণৰ সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি নিষ্ঠা আৰু সততাৰে সদৌ অসম ছাত্ৰ সন্থাক সেৱা আগবঢ়াই অহাৰ পিছতো ভবিষ্যতে বিপদ সৃষ্টি কৰিব বুলি ভাবিয়েই অনুশাসনৰ দোহাই দি এই চাম অছাত্ৰই একাংশ প্রকৃত ছাত্রক সংগঠনটোৰ পৰা অপসাৰণ কৰি অহাৰ নজিৰ দীৰ্ঘদিনীয়া।

এনে ব্যক্তিগত আক্রোশৰ বলি হোৱা একাংশ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা এতিয়া ন্যায় বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ বাধ্য হৈছে । উল্লেখ্য যে, কামৰূপ (মহানগৰ) জিলাৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ত সংঘটিত বিত্তীয় কেলেংকাৰী প্রসঙ্গই শেহতীয়াভাবে ব্যাপক চর্চা লাভ কৰিছে।

ইউ.জি.চিয়ে দশম, একাদশ আৰু দ্বাদশ পৰিকল্পনাত প্ৰদান কৰা কেইবা কোটি টকাৰ হিচাপ বিচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষলৈ বিগত দুটা বছৰে বিভিন্ন ধৰণৰ পত্ৰ প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈ এই ক্ষেত্ৰত কোনোধৰণৰ ফলাফল ৰাইজৰ দৃষ্টি গোচৰ হোৱা নাই। ইউ.জি.চিয়ে প্ৰদান কৰা সঁকিয়নি পত্ৰৰ ফলত মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দুই সহস্ৰাধিক ছাত্ৰ -ছাত্ৰীয়ে চৰম অনিশ্চয়তাত ভূগি আছে।

মহাবিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰিলে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা দুই সহস্রাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ গভীৰ অমানিশা নামি আহিব। ইয়াৰোপৰি ভিজিলেন্স এণ্ড এন্টিকৰাপশ্যন বিভাগে ২০১৩ চনৰ পৰা বিত্তীয় কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰি থকা গোচৰটো বিগত দহ বছৰে সমাপ্ত কৰিব নোৱাৰাটোও অত্যন্ত ৰহস্যজনক বিষয়।

ছাত্র সংগঠন হিচাপে ছাত্ৰ সন্থাই ছাত্ৰ-ছাত্ৰীৰ পক্ষত থিয় দিয়াটো অত্যন্ত জৰুৰী আৰু আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই তাকেই কৰিছিল। প্ৰায় দহ কোটি টকীয়া বিত্তীয় কেলেংকাৰী সৈতে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভংগৰ বিষয়টো সম্পর্ক আছে বুলি ইতিমধ্যে ব্যাপক চৰ্চা হৈছে।

ইউ জি চিৰ পুঁজি কেলেংকাৰীক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ অভিযোগ থকা এজন জ্যেষ্ঠ অধ্যাপকক ভাৰপ্ৰাপ্ত অধ্যক্ষ পতাৰ বিৰোধিতা কৰি ডিমৰীয়া আছুয়ে পত্ৰ দিয়াৰ দিনটোতে আঞ্চলিকখন ভংগ বুলি ঘোষণা কৰা কথাটোৱে ডিমৰীয়াবাসী ৰাইজৰ লগতে ছাত্ৰ সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আছুৰ সংবিধান অনুসৰি কৈফিয়ৎ তলব অথবা কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ যোৱা ৯ ছেপ্টেম্বৰত নিশা হঠাৎ ডিমৰীয়া আঞ্চলিক ভংগৰ বাতৰি সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছত যোৱা ১১ ছেপ্টেম্বৰত ছহিদ ভৱনত আছুৰ নেতৃত্বক সাক্ষাৎ কৰি জিলা আৰু কেন্দ্ৰীয় সমিতিলৈ পৃথকে পৃথকে পত্ৰ প্ৰদানৰ দহ দিন উকলি যোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত জিলা আৰু কেন্দ্ৰীয় নেতৃত্বই স্থিতি স্পষ্ট কৰা দেখা নগ'ল।

আনহাতে যোৱা ২১ মে'ত আছুৰ অনুশাসন ভংগ কৰাৰ অভিযোগত সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধিক এবছৰৰ বাবে অব্যাহতি প্ৰদান কৰা হয় বুলি বাতৰি পৰিৱেশন কৰা দৃষ্টিগোচৰ হয়। ইয়াৰ পিছতে যোৱা ২২ মে'ত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি,সাধাৰণ সম্পাদকক দিব্যজ্যোতি মেধিয়ে এখনি পত্র প্রদান কৰে আৰু পৰৱৰ্তী সময়ত যোৱা ৩০ মে' তাৰিখে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই আছুৰ ভাৰপ্ৰাপ্ত সভাপতি, সাধাৰণ সম্পাদক আৰু কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকক পৃথকে পৃথকে দুখন পত্ৰ প্ৰেৰণ কৰে।

আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই ১১, ১২, আৰু ১৩ এপ্ৰিলত সোণাপুৰ মিনি ষ্টেডিয়ামত বিহু নাচ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত ৰঙালী বিহু আদৰণী উৎসৱত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াক অতিথি হিচাপে নিমন্ত্ৰণ জনাবলৈ যোৱাৰ অভিযোগত দিব্যজ্যোতি মেধিক অব্যাহতি দিয়ে বুলি বিভিন্ন পক্ষক আছুৰ নেতৃত্বই অৱগত কৰে।

প্ৰেৰণ কৰা পত্ৰসমূহৰ কোনো উত্তৰ নহাত ৰঙালী বিহু আদৰণি উৎসৱৰ অভ্যর্থনা সমিতিয়ে ৫ জুনত সমস্ত কথা বিবৰি এখনি পত্র কেন্দ্রীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি, সাধাৰণ সম্পাদকলৈ প্ৰেৰণ কৰে । এই পত্ৰখনৰো একো উত্তৰ নহাত পুনৰ অভ্যর্থনা সমিতিয়ে ১৬ জুনত আছুৰ মুখ্য উপদেষ্টা আৰু উপদেষ্টালৈ দুখন পত্ৰ প্ৰেৰণ কৰে।

কিন্তু বৰ্তমানলৈ এই পত্ৰখনৰো কোনো সঁহাৰি দিয়া দেখা নগ'ল। পুনৰ ২২ জুনত এমাহ উকলি যোৱাৰ পিছতো আনুষ্ঠানিক পত্ৰ প্ৰেৰণ নকৰাৰ বাবে বিষয়টোৰ সন্দৰ্ভত আছুৰ নেতৃত্বৰ স্থিতি স্পষ্ট কৰিবলৈ ভাৰপ্ৰাপ্ত সভাপতি, সাধাৰণ সম্পাদকক দিব্যজ্যোতি মেধিয়ে এখন পত্ৰ প্ৰেৰণ কৰে। কিন্তু এই আটাইবোৰ পত্ৰ সন্দৰ্ভত আছুৰ কেন্দ্ৰীয় আৰু জিলা নেতৃত্বই বৰ্তমানলৈ ৰহস্যজনক মৌনতা অবলম্বন কৰা পৰিলক্ষিত হৈছে ।

যোৱা ১৪ ছেপ্টেম্বৰত সোণাপুৰত অনুষ্ঠিত ৰাজহুৱা সভাৰ প্ৰস্তাৱ অনুসৰি উপৰোক্ত বিষয়সমূহৰ সন্দৰ্ভত ন্যায় বিচাৰি দিব্যজ্যোতি মেধিয়ে ন্যায়ালয়ত গোচৰ ৰুজু কৰে। অহা ২১ ৰ পৰা ২৩ নৱেম্বৰলৈ মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া কেন্দ্রীয় অধিৱেশনত সভাপতি অথবা সাধাৰণ সম্পাদকৰ পদত প্রতিদ্বন্দিতা কৰাৰ পৰা আঁতৰাই ৰাখিবলৈ এনেধৰণৰ কৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে, যোৱা ০৮ ডিচেম্বৰ ২০২২ ত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত তদানীন্তন সভাপতি দিপাংক কুমাৰ নাথে পৰৱৰ্তী অধিবেশন মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল আৰু একে সভাতে নাথে উৎপল শৰ্মাক ভাৰপ্রাপ্ত সভাপতিৰ দায়িত্ব অর্পণ কৰিছিল ।

উক্ত সভাখন সভাপতিত্ব কৰিবলৈ দিপাংক কুমাৰ নাথ নিজেই বৈধ সভাপতি নাছিল আৰু সেই সময়ৰ কেন্দ্ৰীয় সমিতিৰ অধিকাংশ বিষয়ববীয়াই আছুৰ সংবিধান অনুসৰি বৈধ নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। আছুৰ সংবিধানৰ অনুচ্ছেদ ৭ ধাৰা (ক) (১) অনুসৰি সংগঠনটোৰ নেতৃত্ব বহন কৰিবলৈ কোনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী হ'ব লাগিব আৰু (৪)অনুসৰি বয়স ৪০ বছৰৰ অনুৰ্দ্ধ হোৱাটো বাঞ্ছনীয় আৰু ৪২ উৰ্দ্ধত হ'ব নোৱাৰিব।

আনহাতে অনুচ্ছেদ ৯ ধাৰা (ছ) উপ ধাৰা (ঙ) অনুসৰি ৰাজ্যিক কার্যনির্বাহ সদস্যসকল স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। তদানীন্তন সভাপতি দিপাংক কুমাৰ নাথ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ অধিকাংশ বিষয়ববীয়াই সংবিধান উলংঘা কৰি ছাত্র জীৱন বহু বছৰ পূৰ্বেই পৰিসমাপ্তি ঘটাই নিজকে ছাত্ৰ বুলি পৰিচয় দি ভুৱা পৰিচয়ৰে অসমৰ ছাত্র সমাজক নেতৃত্ব প্রদান কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে ।

যোৱা ০৮ ডিচেম্বৰ ২০২২ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত থকা ৫৫ গৰাকী বিষয়ববীয়াই অতি শীঘ্ৰে ন্যায়ালয়ত বয়সৰ প্ৰমাণ পত্ৰৰ লগতে শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰাৰ প্ৰমাণ পত্ৰ, শ্ৰেণীৰ উপস্থিত থকাৰ প্ৰমাণ আৰু অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় এডমিট কার্ড আৰু প্ৰমাণ পত্ৰ ন্যায়ালয়ত জমা দিব লাগিব বুলিও দিব্যজ্যোতি মেধিয়ে জনাইছে।

অসমৰ ছাত্ৰ সমাজক নেতৃত্ব দিয়াৰ এচাম অছাত্ৰৰ কৰালগ্ৰাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাক মুক্ত কৰি সংগঠনটোৰ সংস্কাৰ সাধনৰ উদ্দেশ্যে এনে পদক্ষেপ গ্রহণ কৰা হৈছে। ৰাজনৈতিক নেতাৰ সৈতে মিতিৰালি অথবা ৰাজনৈতিক নেতাক আছুৰ মঞ্চত গামোচা পিন্ধাই আছুৰ অৰাজনৈতিক চৰিত্ৰত আচোৰ পেলোৱাৰ পিছতো একাংশ শীর্ষ নেতাক তৈলমর্দনৰ প্রকোপতে সেইসকল আছুৰ মঞ্চত আজিও ছাত্র নেতা ।

এনে বহু নেতাৰ আলোকচিত্ৰ ইতিমধ্যে ন্যায়ালয়ত জমা দিয়া হৈছে । এইসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলেও কেন্দ্রীয় সমিতিয়ে ৰহস্যজনক মৌনতা অবলম্বন কৰিছে । একে সময়তে ৰাজ্যপালক ছাত্র-ছাত্ৰীৰ এটি অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাবলৈ যোৱাৰ অপৰাধত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াক এবছৰীয়া অব্যাহতি।

উল্লেখ্য যে, ২০১৬ চনৰ একে অনুষ্ঠানতে অৰুণাচল প্ৰদেশৰ তদানীন্তন ৰাজ্যপাল জ্যোতি প্ৰসাদ ৰাজখোৱা আছুৰ তদানীন্তন সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ সৈতে একেখন মঞ্চত উপস্থিত আছিল। আনহাতে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এক অনুষ্ঠানলৈও মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীক নিমন্ত্ৰণ জনোৱা হৈছিল ।

কেৱল ব্যক্তিগত আক্রোশৰ বলি কৰি একনায়কত্ববাদৰ পৰিচয় দি অধিবেশনৰ পূৰ্বে প্ৰতিদ্বন্দিক আঁতৰাই প্রতিযোগিতাবিহীন পৰিৱেশ গঢ়ি তুলিবলৈ এনেধৰণৰ কৌশল ৰচনা কৰা হৈছে । এনেধৰণৰ সিদ্ধান্ত অসাংবিধানিক, অগণতান্ত্রিক, অবৈধ আৰু সেইবাবেই এনেধৰণৰ অসাংবিধানিক কার্যকলাপ সংঘটিত কৰাৰ বাবেই বৰ্তমানলৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহ লিখিত ৰূপত দিব পৰা নাই ।

আনহাতে প্ৰেৰণ কৰা বিভিন্ন পত্ৰসমূহৰো উত্তৰ দিব পৰা নাই । যিহেতু ৮ ডিচেম্বৰ ২০২২ তাৰিখে তদানীন্তন সভাপতি দিপাংক কুমাৰ নাথ নিজেই অবৈধভাৱে কাৰ্যনিৰ্বাহ কৰি আছিল আৰু কেন্দ্ৰীয় সমিতিৰ অধিকাংশ বিষয়ববীয়া বৈধৰূপে কেন্দ্ৰীয় সমিতিৰ বিষয়বাবত নাছিল, সেয়েহে কেন্দ্রীয় সমিতিখন অবৈধ বুলি ঘোষণা কৰাৰ লগতে মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া অষ্টদশ অধিবেশনৰ স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন জনোৱা হৈছে।

আছুৰ কেন্দ্ৰীয় কমিটী অবৈধ ! দিব্যজ্যোতি মেধি ন্যায়ালয়ৰ দ্বাৰস্থ...
অহা ২৮ বছৰত মৰুভূমি হ'ব অসম ! জলসিঞ্চন, কৃষি সকলো ক্ষেত্ৰতে গৱেষণাৰ প্ৰয়োজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in