বুঢ়ীদিহিঙত জাপ দি কিশোৰৰ আত্মহত্যা...

তেলপানী দিহিংহোলা গাওঁনিবাসী ৰাজু ঠাকুৰীৰ ১৮ বছৰীয়া পুত্ৰ মোহিত ঠাকুৰীয়ে যোৱা ২৮ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬-৩০ বজাত অজানিত কাৰণত ঘৰৰ পৰা ওলাই গৈ কাষৰীয়া বুঢ়ীদিহিং নদীত জঁপিয়াই দিয়ে

author-image
Asomiya Pratidin
New Update
বুঢ়ীদিহিঙত জাপ দি কিশোৰৰ আত্মহত্যা...

প্ৰতিদিন সংবাদ, টেঙাখাতঃ টেঙাখাত আৰক্ষী থানা অধীনৰ তেলপানী দিহিংহোলাৰ এজন কিশোৰে নদীত পৰি আত্মহত্যা কৰা এক ঘটনাই অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে । উল্লেখ্য যে, তেলপানী দিহিংহোলা গাওঁনিবাসী ৰাজু ঠাকুৰীৰ ১৮ বছৰীয়া পুত্ৰ মোহিত ঠাকুৰীয়ে যোৱা ২৮ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬-৩০ বজাত অজানিত কাৰণত ঘৰৰ পৰা ওলাই গৈ কাষৰীয়া বুঢ়ীদিহিং নদীত জঁপিয়াই দিয়ে ।

Advertisment

উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী তথা স্থানীয় ৰাইজ আৰু পৰিয়ালৰ্গই ইয়াৰ পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয় ।

ইফালে ঘটনাৰ সম্পৰ্কে টেঙাখাত আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী দল ঘটনাস্থলিত উপস্থিত হৈ উদ্ধাৰৰ কোনো শুংসূত্ৰ লাভ নকৰিলে ।

অন্যহাতে টেঙাখাত আৰক্ষী থানাৰ তৎপৰতাত বুধবাৰে পুৱা ডিব্ৰুগড়স্থ এচ ডি আৰ এফৰ উদ্ধাৰকাৰী ডুবাৰু বাহিনীৰ দল ঘটনাস্থলিত উপস্থিত হৈ বুঢ়ীদিহিং নদীত অভিযান চলাই । উদ্ধাৰকাৰী দলটোৱে ঘটনা সংঘটিত হোৱা স্থানৰ অলপ দূৰত মোহিত ঠাকুৰীৰ মৃতদেহ উদ্ধাৰ কৰে ।

পৰৱৰ্তী সময়ত টেঙাখাত আৰক্ষী থানাৰ সহকাৰী আৰক্ষী বিষয়া ৰাহুল পেগুৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে মৃতদেহ চমজি লৈ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । স্মৰ্তব্য যে , মোহিতে কিয় আত্মহত্যাৰ পথ বাচি ললে এই লৈ অঞ্চলটোত চৰ্চিত বিষয় হৈ পৰিছে ।

Also Read: অসম বিধানসভাত হুলস্থুলীয়া পৰিৱেশ...